বকোত অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ গঠন
বকোঃ অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ কামৰূপ জিলা সমিতি খন আজি বকোত গঠন কৰা হয়। বকোৰ চিলাৰায় ভৱনত অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ নীতি নিৰ্দেশনা অনুসাৰে বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যক মহিলাৰ উপস্থিতিত বকোৰ সৰবৰহী মহিলা অদীতি কলিতাৰ তৎপৰতাত আয়োজন কৰে সাধাৰণ সভা খন। জাতীয় সংগঠনটোৰ মহিলা জাতীয় পৰিষদৰ ৰাজ্যিক সমিতিৰ সভানেত্ৰী বিনীতা কুমাৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাৰ আত ধৰে অদীতি কলিতাই। ৰাজ্যিক মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা মামণি দৈমাৰীৰ সহযোগত আয়োজন কৰা সাধাৰণ সভাত মুখ্য অতিথি হিচাপে
উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইকে ধৰি বহু কেইজন বিষয় ববীয়া। আজিৰ সভাত অসমৰ জাতীয় জীৱনৰ ওপৰত জাতীয় অস্তিত্বৰ সংগ্ৰাম কৰি অহা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নীতি নিৰ্দেশনাৰ ওপৰত আলোকপাত কৰি মহিলা সকলোক সংগ্ৰামৰ অংশীদাৰ কৰিবলৈ গঠন কৰে জাতীয় মহিলা পৰিষদৰ কামৰূপ জিলা সমিতি খন। জানিব পৰা মতে অদীতি কলিতাক সভানেত্ৰী আৰু দময়ন্তী মেধিক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি গঠন কৰা হয় জাতীয় মহিলা পৰিষদৰ সমিতি খন।