ashomiyapatrika.com

বকোৰ দিলিঙ্গাত মা পাৰ্বতী দেৱীৰ বাৰ্ষিক পূজা আৰু কাতি বিহু উদযাপনৰ প্ৰস্তুতি

0 33

বকোঃ ধৰ্মীয় আৰু মাংগলিক পৰম্পৰা ৰীতি-নীতিৰে বিগত বছৰবোৰৰ এই বৰ্ষও কামৰূপ জিলাৰ বকোৰ দিলিঙ্গাত গঞা ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ বাৰ্ষিক পূজা আৰু কাতি বিহুৰ বৰ্ণাঢ্য আয়োজন। বকো ৰাজহ চক্ৰৰ ইতিহাস প্ৰসিদ্ধ গাওঁ দিলিঙ্গাত ধৰ্মপ্ৰাণ ৰাইজে কাতি বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰে শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ বাৰ্ষিক পূজা। এই বেলিও মা পাৰ্বতী মন্দিৰ আশ্ৰিত দিলিঙ্গা গঞা ৰাইজৰ উদ্যোগত দুই দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে পূজা ভাগি আয়োজন কৰাৰ প্ৰস্তূতি চলিছে। কাতি বিহু আৰু পাৰ্বতী

দেৱীৰ পূজা উদযাপন উপলক্ষে দণ্ডি ৰাম দাসক সভাপতি, কাৰ্তীক ঠাকুৰীয়াক উপ সভাপতি, গকুল কলিতাক সাধাৰণ সম্পাদক আৰু নাৰায়ন মেধিক সহকাৰী সম্পাদকৰ দায়িত্ব দি গঠন কৰা হৈছে পূজা উদযাপন সমিতি খন। জানিব পৰা মতে অহা ১৮ আৰু ১৯ অক্টোবৰ, আহিন মাহৰ ৩০ আৰু কাতি মাহৰ ১ তাৰিখে দুই দিনীয়া কাৰ্য্যসুচীৰে আয়োজন কৰিব কাতি বিহুৰ ৰীতি-নীতি আৰু পাৰ্বতী দেৱীৰ পূজা-অৰ্চনাৰ পৰম্পৰা। অনুস্থান সুচীত ৰাইজৰ সহযোগ কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে।

Leave A Reply

Your email address will not be published.