পূব-গুৱাহাটী বিহু সন্মিলনৰ ‘দুপৰীয়াৰ বুলনি’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
গুৱাহাটীঃ মহানগৰীৰ চানমাৰিৰ পূব-গুৱাহাটী বিহু সন্মিলনে চলিত বছৰৰ ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ ৬২ সংখ্যক বিহু সমাৰোহ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত কৰিব। এই বিহু সমাৰোহ সফলভাবে উদ্যাপিত হোৱাৰ বাবে সন্মিলনে দেওবাৰে দুপৰীয়াৰ বুলনি’ শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। সন্মিলনৰ স্থায়ী কাৰ্যালয় প্রাঙ্গণত আয়োজিত ‘দুপৰীয়াৰ বুলনি’ অনুষ্ঠানত শিশুৰ পৰা জ্যেষ্ঠলৈকে বহুকেইজন শিল্পী তথা সন্মিলনৰ সদস্যই গীত পৰিবেশন কৰে।সন্মিলনৰ সভাপতি বিপুল তালুকদাৰ, সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়া, উপ-সভাপতি মৰমী গোস্বামী, সাংস্কৃতিক সম্পাদক ৰাজেন বড়ো, প্ৰমুখ্যে সন্মিলনৰ মুখপত্ৰৰ সভাপতি অপূৰ্ব কলিতা আদি উপস্থিত থাকে।