চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি বিচাৰি আৰু কৰ্মী-সহায়িকাৰ সামাজিক সুৰক্ষাৰ দাবীত অব্যাহত অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ আন্দোলন
গুৱাহাটীঃ চি আই টি ইউৰ অন্তভূক্ত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই ৩ অক্টোবৰৰ পৰা আহ্বান দিয়া ৰাজ্যজোৰা অসহযোগ কাৰ্যসুচীৰ প্ৰতি সহাৰি জনায় সমগ্ৰ ৰাজ্যত থকা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় কেইটাৰ সন্মুখ উত্তাল কৰে অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই। অসমত থকা এক লাখ সোতৰ হাজাৰ অঙ্গনৱাড়ী কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰি কৰ্মী-সহায়িকাৰ সামাজিক সুৰক্ষাৰ দাবীত অহৰহ আন্দোলন কাৰ্যসুচী কৰাৰ পিছটো ৰাজ্য চৰকাৰৰ কোনো গুৰুত্ব দিয়া দেখা পোৱা নগ’ল। গভীৰ উদ্বেগৰ বিষয় যে যোৱা সময়ত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতে কৰ্মী-
সহায়িকাক দিব লগা মাননিৰ পৰা বঞ্চিত কৰিলে বিজেপি চৰকাৰে। অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই অৱসৰপ্ৰাপ্ত কৰ্মী-সহায়িকাক আৰু মিনি কৰ্মীক এককালীন সাহায্যৰ ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়া, গ্ৰেছুয়েটি আদায় দিয়া আৰু অঙ্গনৱাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়াৰ আদি ন্যায্য দাবীত ৰাজ্যখনৰ ৬২,১৫৩ টা কেন্দ্ৰৰ অঙ্গনৱাড়ী কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীয়ে কামৰ পৰা বিৰত থাকি যোৱা চাৰিদিনৰ দৰে আজিও অসহযোগ কাৰ্যসুচী ৰূপায়ন কৰে। ৰাজ্যখনৰ প্ৰতিটো কেন্দ্ৰৰ মাধ্যমেৰে অঙ্গনৱাড়ী কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীসকলে অতি কষ্টেৰে চৰকাৰৰ শিশু আৰু মাতৃৰ
বুনিয়াদী ভেটি গঢ়া সকলো আচঁনিৰ লগতে BLO, NRC ৰ কামকে ধৰি নানা চৰকাৰী সভা সমিতিত যুক্ত থাকি সেৱা আগবঢ়াই আহিছে। কিন্তু চৰম দুৰ্ভাগ্যৰ কথা যে ৰাজ্য চৰকাৰে এই কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীক আজিলৈকে চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি নিদিলে। আনকি ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে নাৰীৰ সবলীকৰণৰ কথা কৈ এগৰাকী কৰ্মী-সহায়িকাক মাহিলী মাননি দিয়ে মাত্ৰ ৪৫০০/৬৫০০টকা। যিটো ন্যুনতম মজুৰি আইন, ১৯৪৮-ৰ পৰিপন্থী। অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই ৩ অক্টোবৰৰ পৰা ৰাজ্যজোৰা ঘোষণা কৰা অসহযোগ কাৰ্যসুচীৰ আহ্বান প্ৰতি সঁহাৰি জনাই আজি পঞ্চম দিনাও তিনিচুকীয়া, যোৰহাট, চৰাইদেউ, শিৱসাগৰ,
মাজুলী, নগাওঁ, কোকৰাঝাৰ, বঙাইগাওঁ, বৰপেটা, নলবাৰী, কামৰূপ, তামুলপুৰ, দক্ষিণ কামৰূপ, গোৱালপাৰা, দৰং, ওদালগুৰিকে ধৰি কামৰূপ মহানগৰ জিলাৰ অঙ্গনৱাড়ী কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীয়ে নিজৰ নিজৰ কেন্দ্ৰৰ কামৰ পৰা বিৰত থাকি আজিও ৰাজ্য খনত থকা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় কেইটাৰ সন্মুখ ৰাজ্যজোৰা অসহযোগ কাৰ্যসুচীৰে উত্তাল কৰে। অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ৰাজ্যিক কমিটিৰ প্ৰতিগৰাকী প্ৰতিখন কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীয়ে অসহযোগ কাৰ্যসুচীত উপস্থিত আছিল। সন্থাই সকলো কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীক আন্দোলন কাৰ্যসুচীত
যুক্ত থাকি সফলভাৱে চলাই নিয়াৰ বাবে ধন্যবাদ জনাইছে আৰু এই অসহযোগ কাৰ্যসুচী পৰ্যয়ক্ৰমে প্ৰকল্পৰ পৰা সমাজকল্যান বিভাগৰ জিলা কাৰ্যালয়ৰ সন্মুখত ৩১ অক্টোবৰলৈকে সফলভাৱে চলাই নিয়াৰ বাবে সকলো কৰ্মী-সহায়িকা আৰু মিনি কৰ্মী বান্ধৱীকআহ্বান জনাইছে।