ashomiyapatrika.com

বিদ্যুৎ নিয়ামক আয়োগৰ ক্ষমতা কৰ্তন আৰু বিদ্যুৎ মূল্য বৃদ্ধিৰ বিৰুদ্ধে অসম ৰাজ্যিক কৃষক সভাৰ সকীয়নি

0 31

গুৱাহাটীঃ অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ ক্ষমতা কৰ্তন কৰি বিদ্যুৎ মাচুল বৃদ্ধিৰ ক্ষেত্ৰত অসম শক্তি বিতৰণ কেন্দ্ৰ (এপিডিচিএল)ক লেকাম এৰি দিয়া কাৰ্যক অসম ৰাজ্যিক কৃষক সভাই তীব্ৰ প্ৰতিবাদ জনাইছে আৰু তাৎক্ষণিকভাৱে এই নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে৷ ‘ইন্ধন আৰু শক্তি ক্ৰয় মূল্য সংযোজন’ৰ নামত এপিডিচিএলক যেতিয়াই তেতিয়াই বিদ্যুত মাচুল বৃদ্ধিৰ কৰ্তৃত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰে বিদ্যুৎ গ্ৰাহকৰ অধিকাৰৰ খৰ্ব কৰিছে আৰু নিয়ামক আয়োগক প্ৰহসনত পৰিণত কৰিছে৷ বিদ্যুৎ গ্ৰাহকক মতামত প্ৰকাশৰ সুযোগ নিদিয়াকৈ নিয়ামক আয়োগৰ ২০১০ চনৰ আইনক যোৱা আগষ্ট মাহত সংগোপনে সংশোধন

কৰি যোৱা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী কৰা হৈছে আৰু ১ অক্টোবৰৰ পৰাই প্ৰতি ইউনিটত স্তৰ অনুযায়ী ৩০ পইচাৰ পৰা ১.২৯টকা পৰ্যন্ত বিদ্যুৎ মাচুল বৃদ্ধি ঘটোৱা হৈছে৷ এহাতে চৰকাৰে নিয়ামক আয়োগত বিদ্যুৎ গ্ৰাহকক আপত্তি দৰ্শোৱা ব্যৱস্থাৰ বিলুপ্তি ঘটোৱাৰ ষড়যন্ত্ৰ কৰিছে আৰু একে সময়তে আন্দোলনৰ অনুমতি প্ৰদানক সীমিত কৰি গণতান্ত্ৰিক আন্দোলনক সংকুচিত কৰিবলৈ অপপ্ৰয়াস চলাইছে৷ নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গণতান্ত্ৰিক উপাদানসমূহৰ ওপৰত সৰ্বত্ৰ আক্ৰমণ বৃদ্ধি কৰিছে আৰু অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচী আগবঢ়াই নিয়াৰ দায়িত্ব গ্ৰহণ কৰিছে৷ কৃষিত বিদ্যুতৰ ব্যৱহাৰ যোৱা

সময়ছোৱাত যথেষ্ট পৰিমানে বাঢ়িছে৷ বিদ্যুতৰ মূল্যবৃদ্ধিৰ ফলত কৃষক বিদ্যুৎ গ্ৰাহক আৰু উৎপাদক উভয় দিশৰ পৰা অত্যাধিক ভৰণিৰ সন্মূখীন হৈছে৷ সকলো কৃষি সামগ্ৰীৰ দাম তীব্ৰ ভাৱে বৃদ্ধিৰ সময়ত বিদ্যুতৰো মাচুল বৃদ্ধিয়ে কৃষকক কৃষিৰ প্ৰতি অধিক নিৰুৎসাহিত কৰিব আৰু ইয়াৰ সামগ্ৰিক ফল জনসাধাৰণে ভোগ কৰাৰ লগতে দেশৰ অৰ্থনীতিৰ ওপৰতো পৰিব৷ নৰেন্দ্ৰ মোডী চৰকাৰৰ দেশৰ বিদ্যুৎ খণ্ডক ব্যক্তিগত খণ্ডক গতোৱাৰ অভিসন্ধি অনুসৰিয়েই নিয়ামক আয়োগসমূহক নখ-দন্তহীন কৰা হৈছে৷ বিদ্যুতৰ মূল্যবৃদ্ধি ৰোধ আৰু বিদ্যুৎ নিয়ামক আয়োগৰ ক্ষমতা কৰ্তনক কৃষক সমাজে কেতিয়াও মানি নলয় আৰু ইয়াক প্ৰত্যাহাৰ নকৰিলে অসম ৰাজ্যিক কৃষক সভাই ৰাজ্যত তীব্ৰ আন্দোলন গঢ়ি তুলিব৷

Leave A Reply

Your email address will not be published.