ashomiyapatrika.com

বিদ্যুত নিয়ামক আয়োগক নখ দন্ত হীন বাঘলৈ পৰিণত কৰিলে চৰকাৰেঃ জিতুল ডেকা

0 30

এ পি ডি চি এলক নিজাববীয়াকৈ বিদ্যুত মাছুল বৃদ্ধিৰ ক্ষমতা প্ৰদান সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া

গুৱাহাটীঃ নিয়মীয়াকৈ বিদ্যুৎ যোগানত চুড়ান্ত ভাৱে ব্যৰ্থ শক্তি বিভাগে ডিজিটেল মিটাৰ, স্মাৰ্ট মিটাৰৰ নামত ৰাইজক বলিৰ পঠা সজাই আছে। বিদ্যুতৰ সঘন মাছুল বৃদ্ধিৰে অসমৰ ৰাইজক ৰাম টাঙোন শোধাইছে শক্তি বিভাগে। স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ পিছত ব্যাপক ভাবে কিয় মাছুল বৃদ্ধি হৈছে, সেই বিষয়ত আজিলৈ ৰাইজক শক্তি বিভাগে উত্তৰ দিব নোৱাৰিলে। স্বয়ং মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰৰ ফলত বিদ্যুত মাছুল বৃদ্ধি সন্দৰ্ভত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহন কৰাৰ প্ৰতিশ্ৰুতি দি আজিলৈ একো কৰিব পৰা নাই। এনে সময়তে চৰকাৰে নিয়ামক আয়োগৰ ক্ষমতা কৰ্তন কৰি আয়োগক নখ দন্ত হীন বাঘলৈ পৰিণত কৰাটো অসমৰ ৰাইজৰ বাবে এটা

দুখবৰ। বিদ্যুৎ নিয়ামক আয়োগৰ শুনানি নোহোৱাকৈ ইন্ধনৰ মূল্য বৃদ্ধিৰ অজুহাতত এ পি ডি চি এলক যেতিয়াই তেতিয়াই বিদ্যুৎ মাছুল বৃদ্ধি কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটা বিবৃতিত আপ অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে – যি সময়ত বিদ্যুতৰ মাছুল বৃদ্ধিয়ে ৰাইজক ত্ৰাহি মধুসূদন সোৱৰাইছে সেই সময়ত এ পি ডি চি এলৰ ওপৰত থকা বিদ্যুৎ নিয়ামক আয়োগৰ ক্ষমতা কৰ্তন কৰি আৰু অধিক বিদ্যুৎ মাছুল বৃদ্ধি কৰাৰ পথ মুকলি কৰি দিলে। বিদ্যুৎ যোগান ধৰিব নোৱাৰা চৰকাৰখনে ৰাইজৰ স্বাৰ্থলৈ লক্ষ্য নাৰাখি কেৱল মাছুল সংগ্ৰহতেই গুৰুত্ব দিছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ২৪ঘণ্টাই বিজুলী যোগানৰ প্ৰতিশ্ৰুতি দি

শাসনলৈ অহা চৰকাৰৰ দিনত এতিয়া ১২ ঘণ্টা পৰ্যন্ত বিদ্যুত কৰ্তন কৰি ৰাইজক হাৰাশাস্তি কৰিছে। এফ পি পি এৰ নামত বিদ্যুৎ মাছুল বৃদ্ধি কৰিবলৈ নিয়ামক আয়োগৰ ওচৰত পূৰ্বতে আবেদন জনাব লাগিছিল তাৰ ভিত্তিত আয়োগে ৰাজহুৱা শুনানি গ্ৰহন কৰি সিদ্ধান্ত গ্ৰহণ কৰিছিল। আয়োগৰ যি স্বতন্ত্ৰতা আছিল এতিয়া ক্ষমতা কৰ্তন কৰি চৰকাৰৰ হাতৰ পুতলাত পৰিণত কৰিলে। এনে ব্যৱস্থাৰ বাবে সৰ্বসাধৰনে এতিয়াৰ পৰা আৰু অধিক আৰ্থিক বোজাৰ সন্মুখীন হব লাগিব। বিবৃতিটোৰ জড়িয়তে আপ, অসমে চৰকাৰক বিনামূলীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা আৰু ২৪ ঘণ্টাই ৰাইজক বিদ্যুৎ যোগান ধৰিবলৈ দাবী জনায়।

Leave A Reply

Your email address will not be published.