অসম গ্ৰন্থমেলা, হাফলঙত লেখক-পাঠকৰ আশানুৰূপ সঁহাৰিঃ ‘শিশুৰ দিন’ৰ দ্বিতীয় দিনাও উছৱ মুখৰ পৰিৱেশ
হাফলংঃ অপৰূপ প্ৰকৃতিৰে শুশোভিত হাফলঙত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলালৈ লেখক-পাঠকৰ সঁহাৰিয়ে উৎসাহিত কৰিছে উদ্যোক্তাসকলক ৷ ইপিনে আজি দ্বিতীয় দিনাৰ বাবে আয়োজিত ‘শিশুৰ দিন’ত উছৱ মুখৰ হৈ পৰে গ্ৰন্থমেলা অনুষ্ঠিত কৰা ইয়াৰ সাংস্কৃতিক প্ৰতিষ্ঠান প্ৰেক্ষাগৃহ প্ৰাংগণ ৷ পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি কুইজত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ সুচাৰুৰূপে কুইজ পৰিচালনা কৰে ৰোনিত দে’ই ৷ দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হয় কবিতা আবৃত্তি প্ৰতিযোগিতা ৷ ইয়াৰ “ক” আৰু “খ” দুটা শাখাত মুঠতে ১০০ গৰাকী প্ৰতিযোগী
যোগদান কৰে ৷ কবিতা আবৃত্তি প্ৰতিযোগিতাত বিচাৰকৰ আসন শুৱনি কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ৰেণু গুপ্তা আৰু শিক্ষয়িত্ৰী শ্যামলী চক্ৰৱৰ্তীয়ে ৷বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাৰো “ক” আৰু “খ” শাখাত মুঠতে অৰ্ধশতাধিক প্ৰতিযোগীয়ে যোগদান কৰে ৷ ইয়াতো বিচাৰকৰূপে উপস্থিত থাকে ৰেণু গুপ্তা, ৰোনিত দে’ আৰু শ্যামলী চক্ৰৱৰ্তী৷ প্ৰতিযোগিতাৰ ফলাফল সমূহ অহা ৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া সামৰণি সভাত ঘোষণা কৰি বঁটা বিতৰণ কৰা হ’ব৷ কাইলৈ বিশিষ্ট কবি-সমালোচক ড° প্ৰাণজিৎ বৰাৰ সঞ্চালনাত অসম গ্ৰন্থমেলা, হাফলঙত অনুষ্ঠিত হ’ব বহুভাষিক কবি সন্মিলন৷