নিখিল বড়ো ছাত্ৰ সন্থাৰ ১৩ বছৰ অনুৰ্ধ্বৰ ফুটবলৰ কোৱাটাৰত গুৱাহাটী জয়ী
বকোঃ বড়ো জাতীয় নেতা ইউ এন ব্ৰহ্মৰ সমাজ সংস্কাৰধৰ্মী মনোভাৱক শ্ৰদ্ধা জনায় এবছুৰ উদ্যোগত আয়োজন কৰা হৈছে ক্ৰীড়া মহাৰণ। এই ক্ৰীড়া মহাৰণৰ অংশ হিচাপে শিশু তথা নতুন প্ৰজন্মক সু নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰিছে ১৩ বছৰ অনুৰ্ধ্বৰ ফুটবল খেল। এবছুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সহযোগত হলংজুলীৰ খেলপথাৰত যোৱা ৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা খেল খনৰ আজি কোৱাটাৰ খেল। ইফালে আজিৰ খেল খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বাথৌ মহাসভাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি বিষ্ণু বসুমতাৰীয়ে। আজিৰ খেলত প্ৰতিদ্বন্দিতা কৰে গুৱাহাটী ফুটবল দ’ল বনাম দক্ষিণ
কামৰূপ ফুটবল দলে। আজিৰ খেলত গুৱাহাটী দলে ১-০ গলত জয়লাভ কৰে। ইফালে এবছুৰ কেন্দ্ৰীয় সমিতিৰ খেল বিভাগৰ সম্পাদকৰ তৎপৰতাত আয়োজন কৰা খেল খনত সহযোগ আগবঢ়াই দক্ষিণ কামৰূপ জিলা এবছুৰ সভাপতি চানছুৰাং বসুমতাৰী আৰু জীতেন বড়োৰ উপৰিও জিলা সমিতিৰ বিষয় ববীয়া সকলে। ইফালে এবছুৰ কৰ্মী বাপন বড়োই জনোৱা মতে খেল খনত বেষ্ট খেলুৱৈ হিচাপে গুৱাহাটী দলৰ খেলুৱৈ আশিক শৰণীয়া মনোনীত হৈছে।