বকোৰ সাৰ্বজনীন দূৰ্গা পূজা উদযাপন সমিতিৰ ৭৪ সংখ্যক বৰ্ষৰ বিশাল আয়োজন
বকোঃ ধাৰাৰ বুকুত শাৰদীয় পূজা আগমনৰ লগে লগে ব্যস্ত হৈ পৰে পূজা আয়োজক সমিতিবোৰ। এই ক্ষেত্ৰত কামৰূপ জিলাৰ বকোতো কেৱাখনো পূজা উদযাপন সমিতিয়ে আয়োজন কৰিছে পূজাৰ প্ৰস্তূতি। উল্লেখ্য যে বকোৰ সাৰ্বজনীন দূৰ্গা পূজা উদযাপন সমিতিয়ে বিশাল প্ৰস্তূতিৰে আয়োজন কৰিছে পূজাৰ ব্যৱস্থা। জানিব পৰা মতে এই বেলি বকোৰ সাৰ্বজনীন দূৰ্গা পূজা উদযাপন সমিতিৰ পূজা ভাগি ৭৪ সংখ্যক বৰ্ষত ভৰি দিয়ে। অহা বৰ্ষত হীৰক জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰা হ’ব পূজা ভাগি বুলি জনায় এই বৰ্ষৰ পূজা উদযাপন সমিতিৰ সভাপতি নৃপেন ভাগৱতী আৰু সাধাৰণ সম্পাদক অপূৰ্ব ৰাভাই। ইফালে একেৰাহে চাৰিটা বৰ্ষৰ বাবে পূজা
উদযাপন সমিতিৰ সাধাৰণ সম্পাদক হিচাপে মনোনীত হোৱা অপূৰ্ব ৰাভাই জনোৱা মতে পূজা আয়োজক সমিতিৰ উপ সভাপতি তথা সাংবাদিক বিদ্যুৎ বিকাশ বৰুৱা আৰু মন্দিৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক তথা যুৱ সমাজ কৰ্মী মানিক কুমাৰ আৰু অন্যান্য বিষয় ববীয়াৰ সহযোগত ইতিমধ্যে পূজাৰ যাৱতীয় কাম কাজ পৰিচালিত হৈ আছে। ইফালে পূজা আয়োজনৰ ৰভা, পেণ্ডেল, প্ৰতিমাকে ধৰি সকলো যাৱতীয় ব্যৱস্থা সম্পুৰ্ণ কৰি তুলিছে বুলি জানিব দিয়ে উদ্যোক্তা মণ্ডলীয়ে।