ashomiyapatrika.com

দিল্লীৰ সুৰা নীতিৰ গোচৰ সন্দৰ্ভত ‘আপ’ৰ নেতা তথা সাংসদ সঞ্জয় সিঙৰ ঘৰত ইডিয়ে তালাচী চলোৱা কাৰ্য্যক ধিক্কাৰ ‘আপ’ অসম ৰাজ্যিক সমিতিৰ

0 33

এইয়া বিজেপি চৰকাৰৰ ঘৃণনীয় ৰাজনীতিঃ ভবেন চৌধুৰী

গুৱাহাটীঃ বিৰোধী ‘ইণ্ডিয়া’ গোটৰ উত্থান তথা জনসাধাৰণৰ সমাদৰ লাভ কৰাত হতাশাত ভোগী বিজেপি চৰকাৰে আজি পুৱাৰ পৰা দিল্লীৰ সুৰা নীতিৰ গোচৰৰ সন্দৰ্ভত ‘আপ’ ৰ সাংসদ সঞ্জয় সিঙৰ ঘৰত ই.ডিয়ে তালাচী চলোৱা এই স্বেচ্ছাচাৰী শাসন ব্যৱস্থাক ধিক্কাৰ জনাইছে ‘আপ’ অসম ৰাজ্যিক সমিতিয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে এইয়া বিজেপি চৰকাৰৰ এক ঘৃণনীয় ৰাজনীতি বুলি উল্লেখ কৰে। লগতে কয় যে তেওঁলোকৰ এই হিটলাৰি শাসন তা শেষ হৈ যাব। বিজেপিৰ নেতা-মন্ত্ৰীৰ কেলেংকাৰীৰ তদন্ত কৰিবলৈ সাহস নথকা কেন্দ্রীয় চৰকাৰৰ এইয়া ক্ষমতাৰ

অপব্যৱহাৰ। এতিয়ালৈকে দিল্লীৰ কেজৰিৱাল চৰকাৰৰ উত্থানত সংকিত হৈ চৰকাৰখনৰ বিৰুদ্ধে ৫০ টাতকৈ অধিক বিষয়ত কেন্দ্ৰীয় চৰকাৰে তদন্ত কৰোৱাইছে। প্ৰতিটোতে কোনো প্রমাণ লাভ কৰা নাই। প্রতিশোধ পৰায়ণ মানসিকতাৰে তদন্ত কৰিলে ফলাফল সদায় প্রকৃত তথ্যহে প্রকাশ পায়। সঞ্জয় সিঙৰ বিৰুদ্ধেও কোনোধৰণৰ অনিয়ম উদ্ধাৰ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সক্ষম নহ’ব বুলি ৰাজ্যিক সভাপতি গৰাকীয়ে দাবী কৰিছে। ইয়াৰ পূৰ্বে আবকাৰী আইনৰ কেলেংকাৰী, দিল্লীত যাত্ৰীবাহী বাছ ক্ৰয়ৰ কেলেংকাৰী, বিদ্যালয় আৰু পথ নিৰ্মাণৰ কেলেংকাৰী হোৱা বুলি কেন্দ্ৰীয় চৰকাৰে তালফাল লগাইছিল। কিন্তু বহু উচ্চ পৰ্যায়ৰ তদন্তৰ পিছতো কোনোধৰণৰ বিত্তীয় অনিয়ম বা অন্যান্য বিসংগতি ধৰা পেলাব নোৱাৰিলে।

Leave A Reply

Your email address will not be published.