ashomiyapatrika.com

জলবৰ্ডৰ পাইপ ফাটি খাৰঘুলিৰ ঘটনাৰ পুনৰাবৃত্তি হল কমাৰ্চ ৰাজগড় লিংক ৰোডত

0 65

কম বেছি পৰিমাণে কেইবাজনো লোক আহত, কেইবাটাও বাসগৃহ ক্ষতিগ্ৰস্ত, তদন্ত ঘোষণা

গুৱাহাটীঃ খাৰঘুলিৰ জলবিস্ফোৰনৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ৰাজ্য চৰকাৰৰ দায়িত্বজ্ঞানহীনতা আৰু জলবৰ্ডৰ অমনোযোগিতাৰ বাবেই আজি পুনৰ গুৱাহাটী কমাৰ্চ কলেজ ৰাজগড় লিংক ৰোডত সংঘটিত জলবিস্ফোৰনৰ ঘটনাত সমগ্ৰ অঞ্চলজুৰি জলমগ্ন হোৱাৰ লগতে তিনিজনকৈ লোক গুৰুতৰ ভাৱে আহত হয়৷ আনহাতে জলবিস্ফোৰনত ঘটনাস্থলীৰ সমীপৰ কেইবাটাও বাসগৃহ ক্ষতিগ্ৰস্ত হয়৷ উল্লেখ্য যে সবকা সাথ সবকা বিকাশৰ শ্ল’গান দিয়া চৰকাৰখনে জনসাধাৰণক সুৰক্ষা দিয়াত দিয়াত যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে শেহতীয়া ঘটনাই তাৰেই প্ৰমাণ৷ শিহৰণকাৰী খাৰঘুলি জয়পুৰৰ শিলিখাতলৰ জনবিস্ফোৰণৰ ঘটনাৰ আজি ২০ দিন


সম্পূর্ণ নৌহওঁতেই গুৱাহাটী কমার্চ কলেজৰ সমীপৰ ৰাজগড় লিংক ৰোডত আজি পুনৰ ফাটিল জলবৰ্ডৰ পানীৰ পাইপ। দিনৰ প্ৰায় ২:৩০ বজাত সংঘটিত ঘটনাটোত কেইবাজনো লোক কম বেছি পৰিমাণে আহত হয়৷ ঘটনাটো ইমানেই ভয়াবহ আছিল যে বিস্ফোৰণ হোৱা পাইপডালৰ বাবে ৰাজগড় লিং ৰোডত ভূমিকম্পৰ দৰে কম্পন সৃষ্টি হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোত আতংকময় পৰিবেশৰ উদ্ভৱ হয়৷ স্হানীয় লোকে প্ৰথমাৱস্থাত টোপাল টোপালকৈ পানী পৰি থকাত বিশেষ গুৰুত্ব দিয়া নাছিল যদিও পাছত প্ৰচণ্ড শব্দ কৰি কেইবাহাজাৰ লিটাৰ পানী একেলগে উফৰি পৰাতহে আতংকই বিৰাজ কৰে৷ লগে লগে অঞ্চলটোত হুৱা দুৱা লাগে আৰু ৰাজগড়ৰ


প্ৰায়সমুহ ঠাই জলমগ্ন হৈ পৰে৷ বিস্ফোৰণৰ প্ৰাৱল্য ইমানেই বেছি আছিল যে ঘটনা সংঘটিত হোৱা ঠাই দোখৰত প্ৰায় ৩ফুট দ’ গাতৰ সৃষ্টি হয়৷ জলবিস্ফোৰনৰ পাছতে ৰাজগড় লিংক ৰোডৰ সমীপত থকা সঞ্জীৱ মুদৈ নামৰ লোকজনৰ তিনিমহলীয়া আট্টালিকাটোৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে মুদৈৰ অট্টালিকাত থকা প্রায় পাচখন বৱসায়িক প্ৰতিষ্ঠানৰ ভীষণ ক্ষতি হয়। ধংসলীলাৰ প্ৰায় ২০মিনিট পিছতহে পাইপডালৰ পৰা পানী নিৰ্গত হোৱা বন্ধ হয়৷ আশ্বর্যজনকভাবে পানী সিঁচাৰ বাবে দুর্যোগ ব্যৱস্থাপনা বিভাগৰ কৰ্মচাৰী উপস্থিত হৈ জেনেৰেটৰ সংযোগ কৰে যদিও জেনেৰেটৰটো বিকল হোৱাত বাল্টিঙেৰে শ্ৰমিকে পানী সিচিবলগীয়া হয়৷ ইপিনে


আজিৰ জলবিস্ফোৰনৰ ঘটনাত বাদ্যযন্ত্ৰৰ দোকানত কাম কৰা কৰ্মচাৰী মৃদুল হালৈ, পুত্ৰৰ সৈতে নিজৰ নিজৰ বাহনত আহি থকা সবিতা চৌধুৰী আৰু পিংকী শৰ্মা গুৰুতৰভাৱে আহত হয়৷ অন্যহাতে ঘটনাটোৰ কিছুসময় পিছতে ঘটনাস্থলীত আহি উপস্থিত হয় নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহাল৷ মন্ত্ৰীগৰাকী আহি উপস্থিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত থকা একাংশ উত্তেজিত ৰাইজে মন্ত্ৰী সিংহালক জবাবদিহি কৰে৷ অৱশ্যে মন্ত্ৰী সিংহালে ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কয় পানী দিয়াৰ নামত যতে ততে পাইপ ফুটি থকাটো ভাল কথা হোৱা নাই৷ এবাৰ নহয় দুবাৰকৈ এনে ঘটনা ঘটিল গতিকে আপোনালোকৰ মনত প্ৰশ্ন উঠাতো স্বাভাৱিক৷ এই ঘটনাৰ


উচিত তদন্ত দিয়া হব আৰু ঘটনাটো সন্দৰ্ভত মূখ্যমন্ত্ৰীৰ সৈতে আজি আলোচনা কৰা হব বুলি তেওঁ কয়৷ আনকি পুনৰাই যাতে এনে ঘটনা সংঘটিত নহয় তাৰ ওপৰতো সুনিশ্চিত ব্যৱস্থা লোৱা হব বুলি উল্লেখ কৰে৷ ইপিনে কামৰূপ (ম) জিলাৰ উপায়ুক্ত তথা জলবৰ্ডৰ প্ৰকল্প সঞ্চালক পল্লৱ গোপাল ঝাই আজি ঘটনাস্থলীত উপস্থিত হৈ সকলো দিশ তদাৰক কৰাৰ লগতে তেওঁৰ মতে খাৰঘুলি আৰু জুৰোডৰ ঘটনাটো একে নহয় বুলি দোহাৰে৷ পাইপডাল বিস্ফোৰণৰ বাবে নহয় ফুটাৰ বাবেহে এই ঘটনা সংঘটিত হল৷ এনেধৰণৰ ঘটনাৰ পিছত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হব৷
জাইকা-লুই বাৰ্জাৰ কেলেংকাৰীয়ে কলুষিত কৰা গুৱাহাটীৰ পানী যোগান প্ৰকল্প নিৰ্মাণৰ ন্যায়িক আৰু কাৰিকৰী তদন্তৰ দাবী জাতীয় পৰিষদৰঃ পানী যোগানৰ পাইপ ফাটি গুৱাহাটীত আজি পুনৰ জলপ্ৰলয়ৰ সৃষ্টি


হোৱা ঘটনাত গভীৰ উদ্বিগ্নতা ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি কয় যে হাজাৰৰো অধিক কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পত ইমান গুৰুতৰ কাৰিকৰী বিসংগতি থকাটো আশ্চৰ্যকজনক৷ গগৈ আৰু ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয়,  “১৮ দিনৰ ব্যৱধানত খাৰঘুলি আৰু ৰাজগড়়ত  দুটাকৈ বৃহৎ জলবিস্ফোৰণ আৰু উক্ত সময়ছোৱাত মালিগাঁও, উত্তৰ গুৱাহাটী, নৱগ্ৰহ আৰু নাৰেংগীত আন চাৰিটা মজলীয়া ধৰণৰ জলবিস্ফোৰণ সংঘটিত হোৱাটোৱে পানী যোগান প্ৰকল্প নিৰ্মাণত বৃহৎ কাৰিকৰী বিসংগতি থকাৰ কথাটোকে প্ৰমাণ কৰে৷

জাইকা আৰু লুই বাৰ্জাৰ কেলেংকাৰীয়ে কলুষিত কৰা গুৱাহাটীৰ পানী যোগান প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ আৰম্ভণিৰে পৰা উঠি আহিছিল৷ এতিয়া কাৰিকৰী বিসংগতিৰ কথাটোও ওলাই পৰিল৷ গতিকে ইয়াৰ ন্যায়িক আৰু কাৰিকৰী উভয় দিশত উচ্চ পৰ্যায়ৰ তদন্ত হোৱা প্ৰয়োজন৷’ পানী যোগান প্ৰকল্প নিৰ্মাণৰ প্ৰকল্প অনুমোদন, ঠিকা-উপঠিকা আৱন্টন আৰু সামগ্ৰী ক্ৰয় আদি ক্ষেত্ৰত সংঘটিত অনিয়মৰ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী উত্থাপন কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে দুৰ্নীতি-অনিয়মৰ ন্যায়িক তদন্তৰ সমান্তৰালকৈ কাৰিকৰী অনিয়ম আৰু

গাফিলতিৰ বিষয়টো তদন্ত কৰিবলৈ আই আই টি তথা অন্য কাৰিকৰী সংস্থাৰ নিৰপেক্ষ বিশেষজ্ঞসকলক লৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰি তাৰ দ্বাৰা কাৰিকৰী তদন্ত কৰোওৱাৰ প্ৰয়োজন৷ ন্যায়িক আৰু কাৰিকৰী উভয় দিশৰ তদন্ত বিচাৰি জাতীয় পৰিষদে অহা দুই-এদিনত অসমৰ ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলি জাতীয় পৰিষদৰ নেতাদ্বয়ে সদৰি কৰে৷
ৰাজগড়ৰ জলবিস্ফোৰণস্হলীত অসম তৃণমূল কংগ্ৰেছৰ দলঃ মহানগৰীৰ কমাৰ্চ পইণ্টৰ ওচৰৰ ৰাজগড় সংযোগী উপপথত জলবোৰ্ডৰ পাইপ ফুটি আজি দুপৰীয়াৰ ভাগত জলবিস্ফোৰণ সংঘটিত হোৱা স্হলীত অসম তৃণমূল কংগ্ৰেছৰ এটি সঁজাতী দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। দলৰ বিষয়ববীয়াসকলে বাৰে বাৰে এইদৰে


মহানগৰীৰ ভিন্ন প্ৰান্তত পানীৰ পাইপ ফুটি জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনাত উদ্বেগ প্ৰকাশ কৰে। নিম্ন মানৰ কামৰ বাবেই এইধৰণৰ কাণ্ড সংঘটিত হৈ অহা বুলি মন্তব্য কৰি দলটোৱে সঠিক তদন্ত কৰি এই কামৰ লগত জড়িত দোষীক উপযুক্ত বিহাৰ দাবী জনায়। দলটোত অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসন) গজেন্দ্ৰ প্ৰসাদ উপমন্যু, সাধাৰণ সম্পাদক (সংগঠন) অৰূপজ্যোতি ভূঞা, কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতা, অসম তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা স্মৃতি শৰ্মা হাজৰিকা, অঞ্জলি ব্ৰহ্ম, সম্পাদিকা ৰুণু বৈশ্য, কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁইকে ধৰি কেইবাগৰাকীও দলীয় সতীৰ্থ উপস্থিত থাকে।


অসমত এতিয়া কেৱল মন্ত্ৰী, বিধায়কসকলৰ নিৰাপদ আছে, নিৰাপদ নাই সাধাৰণ লোকৰ, আপঃ শাসনত থকা বিজেপি দলৰ এগৰাকী জিলা পৰ্যায়ৰ নেত্ৰী জোনালী নাথৰ ৰহস্যজনক মৃত্যুয়ে পুনৰ উদঙাইছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা গৃহ বিভাগৰ ফোপোলা স্বৰূপ। চূড়ান্ত অৰাজকতাই বিৰাজ কৰিছে বৰ্তমান অসমত। কোনো, কাৰো সৈতে যোগসূত্ৰ নথকা কেৱল এজন মানুহৰ ওপৰত নিৰ্ভৰশীল প্ৰশাসনৰ সোপাঢিলা আচৰণৰ ফল এয়া। এইখন ৰাজ্যত গাঁতত পৰি মানুহ মৰে, পানীৰ পাইপ ফুটি প্ৰাণ হেৰুৱাই, ৰহস্যজনকভাৱে মৃত্যু হয় মহিলা আৰীক্ষ বিষয়াৰ তদন্তৰ নামত চলে মাত্র ভেকোভাওনা। এই অভিযোগ আম আদমি পাৰ্টীৰ। সংবাদ মাধ্যমলৈ প্ৰেৰণ

কৰা এক প্ৰেছ বিবৃতিযোগে আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে- মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্বল নেতৃত্ব আৰু প্ৰশাসনিক ব্যৱস্থাৰ সুৰুঙাৰ বাবে অসমত হত্যা, ধর্ষণ আজি ঘটনাবোৰ দিনে দিনে বাঢ়িবলৈ ধৰিছে। সৰ্বসাধাৰণৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাত চৰকাৰৰ ব্যৰ্থতা বাৰে বাবে উন্মোচিত হৈ আহিছে। অসমত এতিয়া কেৱল মন্ত্ৰী, বিধায়কসকল নিৰাপদ আছে, নিৰাপদ নাই সাধাৰণ লোকৰ । জোনালী নাথৰ হত্যাকাণ্ডক আম আদমি পাৰ্টীয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে আৰু দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়৷

গুৱাহাটী মহানগৰৰ পানী যোগান ব্যৱস্থাৰ চৰম বিশৃংখলাত উদ্বেগ প্ৰকাশ ৰাইজৰ দলৰঃ আজি পুনৰ গুৱাহাটীৰ পানীৰ পাইপ ফুটিল। কিছু দিনৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ খাৰঘুলিত পাইপ ফুটি সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পিছত আজি ৰাজগড় ৰোডত পাইপ ফুটি কৃত্রিম বানপানীৰ সৃষ্টি হোৱা ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰিছে ৰাইজৰ দলে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কার্যকৰী সভাপতিদ্বয় কবীন্দ্র চেতিয়া ফুকন আৰু ভাস্কো ডি শ‍ইকীয়াই কয় যে গুৱাহাটী মহানগৰীত পানী যোগান আঁচনিসমূহত চলা ভয়ংকৰ কেলেংকাৰিৰ বাবেই পানী যোগান আঁচনিত ইটোৰ পাছত সিটো দুৰ্ঘটনা সংঘটিত হৈছে। মাত্ৰ কেইটামান দিনৰ



ভিতৰতে খাৰঘুৰি, মালিগাঁও আৰু কৰ্মাচ কলেজৰ কাষত তিনিটাকৈ পানীৰ পাইপ বিস্ফোৰণৰ ঘটনাই পানী যোগান আঁচনিসমূহত সংঘটিত ভয়ংকৰ দুর্নীতি আৰু কেলেংকাৰিকে উদঙাই দিছে। নিম্নমানৰ কাম কৰাৰ বাবে এনেকৈ এটাৰ পাছত আনটো দুর্ঘটনা সংঘটিত হৈছে। কেবল পানীৰ পাইপ ফুটাই নহয় পানীৰ পাইপ স্থাপনৰ নামত সমগ্ৰ গুৱাহাটী মহানগৰখনৰ পথসমূহত বিশাল বিশাল গাঁতৰ সৃষ্টি কৰা হৈছে। পকী ৰাস্তা ভাঙি পুনৰ নিৰ্মাণ কৰা হোৱা নাই। এই সম্পৰ্কত চৰকাৰখনে উদাসীন মনোভাৱ লোৱা পৰিলক্ষিত হৈছে। পথ নির্মাণ আৰু পানীৰ পাইপ পোটা গাঁতত পৰি অনেক মানুহ আঘাতপ্রাপ্ত হৈছে। কিছুদিন পূর্বে প্ৰিয়া কুমাৰী নামৰ এগৰাকী ছাত্ৰী


পথৰ দাঁতিৰ গাঁতত খুন্দা খাই পৰি দুৰ্ঘটনা সংঘটিত হৈছিল। তদুপৰি গণেশগুৰিত নৰ্দমাৰ গেলা বোকা পথৰ কাষে কাষে ৰাখি মহানগৰীখনক অস্বাস্থ্যকৰ কৰি পেলোৱা হৈছে। মহানগৰীখনৰ কোনো এটা পথেই যাতায়তৰ বাবে সুচল হৈ থকা নাই। কৃত্রিম বানপানীয়ে মহানাগৰিকৰ জীৱন বিষাক্ত কৰি পেলাইছে। মুঠতে গুৱাহাটী মহানগৰীত চৰকাৰৰ অৱহেলা, উদাসীনতা আৰু চূড়ান্ত বিশৃংখল কাম-কাজৰ বাবে সুস্থ জীবন- যাপনৰ অনুপযোগী হৈ পৰিছে। অথচ চৰকাৰখনক চূড়ান্ত দক্ষ আৰু যোগ্য চৰকাৰ বুলি ব্যাপক প্ৰচাৰ কৰি থকা হৈছে। গুৱাহাটী । মহানগৰৰ অৱস্থা চাই চৰকাৰখন যে চূড়ান্তভাৱে ব্যৰ্থ চৰকাৰ প্ৰমাণিত হৈছে। প্ৰতিটো আঁচনিত



চলি থকা দুর্নীতি আৰু কেলেংকাৰিৰ বাবেই এনে অৱস্থাত উপনীত হৈছে। ৰাইজৰ দলে এই অৰাজক পৰিস্থিতি আঁতৰ কৰিবলৈ চৰকাৰক এই বিবৃতিৰ জৰিয়তে দাবী জনাইছে। প্ৰতিটো পানী যোগান আঁচনিৰ নিৰ্মাণত কেলেংকাৰিৰ তদন্ত কৰিবলৈ বিবৃতিটোত দাবী জনোৱা হৈছে। উল্লেখযোগ্য যে বহিঃসাহার্য্যপ্রাপ্ত গুৱাহাটীৰ পানী যোগান আঁচনিসমূহত লুই বাজাৰ কেলেংকাৰি সংঘটিত হৈছিল। সেই কেলেংকাৰিত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তদানীন্তন পৌৰ প্রশাসন মন্ত্রী হিমন্ত বিশ্ব শৰ্মা জড়িত আছিল বুলি অভিযোগ উত্থাপন হৈছিল আৰু এতিয়াও লুই বাৰ্জাৰ কেলেংকাৰি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি আছে আৰু চিবিআইৰ তদন্ত অব্যাহত আছে।

Leave A Reply

Your email address will not be published.