ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ফুটবলত চানৰাইজ ডিমাকুছি চেম্পিয়ন
ৰঙিয়াঃ ৰঙিয়া হৰদত্ত-বীৰদত্ত ক্ৰীড়া সংঘৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা ষষ্ঠ বাৰ্ষিক দিবা-নৈশ চি এম চেম্পিয়নশ্বিপ ট্ৰফী আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ যোৱা নিশা অনুষ্ঠিত চূড়ান্ত খেলত ডিমাকুছিৰ চানৰাইজ ক্লাৱে ৩—১ গ’লত গোৰেশ্বৰ আঞ্চলিক ট্ৰাইবেল ক্ৰীড়া সংঘ, গাটচাক পৰাজিত কৰি ডিমাকুছিয়ে চেম্পিয়ন খিতাপ অৰ্জন কৰে। ফাইনেল খেলখনৰ আৰম্ভণিতে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত সাংসদ দিলীপ শইকীয়া, সাংসদ পদ্মলোচন দাস সহ কেইবাগৰাকীও অতিথিয়ে দুয়োটা দলৰ খেলুৱৈ আৰু খেল পৰিচালক সকলৰ সৈতে চিনাকি হৈ শুভ উদ্বোধন কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী দুলু মনি তালুকদাৰ,পহৰেদ আলী আহমেদ, ধ্ৰুৱজ্যোতি কলিতা আৰু আনচাৰ উদ্দিন আহমেদে৷