বজৰং দলৰ নেতৃত্বত দেশব্যাপী অহা ৭ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ শান্তিপূর্ণ ‘সৌৰ্য জাগৰণ যাত্ৰা
গুৱাহাটীঃ সমাজৰ মাজত শান্তি, ঐকাৰ প্ৰতি দেশবাসীক সচেতন কৰাৰ উদ্দেশ্যেৰে বিশ্ব হিন্দু পৰিষদৰ যুৱ সংগঠক বজৰং দলৰ নেতৃত্বত দেশব্যাপী অহা ৭ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ শান্তিপূর্ণ ‘সৌৰ্য জাগৰণ যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। উত্তৰ-পূৰ্ব প্ৰান্তত এই যাত্ৰা পাঁচখন স্থানৰ পৰা আৰম্ভ হৈ ১৪ অক্টোবৰত গুৱাহাটীৰ লাচিত ঘাটত সামৰণি পৰিব।এই যাত্ৰাৰ স্থানসমূহ হৈছে ক্ৰমে ধুবুৰী, তুৰা, মাজুলী, শ্বিলং আৰু তিনচুকীয়া। এই যাত্রাকালত উত্তৰ-পূবৰ দেশপ্রেমী, তথা বীৰ বীৰাঙ্গনা সকলৰ বহিঃ আক্ৰমনকাৰীৰ বিৰুদ্ধে সংগ্রাম কৰা লাচিত বৰফুকন, চিলাৰায়, পিয়লি ফুকন, মুলাগাভৰু, ইউচিৰট সিং, বীৰ টিকেন্দ্রজিৎ সিং, কুশল
কোঁৱৰ, কনকলতা, ৰাণী গাইডালু প্রমুখো বীৰ- বীরঙ্গনা সকলৰ বিজয় আৰু চৰম ত্যাগৰ বীৰগাথাৰে ৰাইজক উদ্বুদ্ধ কৰাৰ প্ৰয়াস কৰা হ’ব।উত্তৰ-পূৰ্বৰ সকলো জিলাৰ মাজেৰে সাতদিন ধৰি অব্যাহত থকা এই যাত্ৰা গুৱাহাটীৰ লাচিতঘাটত ১৪ অক্টোবৰত সামৰণি পৰিব আৰু সেইদিনা আবেলি চাৰি বজাত সেই স্থানতেই এখন সভা অনুষ্ঠিত হ’ব। বিশ্ব হিন্দু পৰিষদৰ উপ- সভাপতি চম্পত ৰায়ে উক্ত সভাখন সম্বোধন কৰিব। এই সৌৰ্য জাগৰণ যাত্ৰাৰ সফলতাৰ বাবে বিশ্ব হিন্দু পৰিষদ উত্তৰ পূৱ প্ৰান্তই সকলো দেশপ্রেমী ৰাইজৰ সহযোগ কামনা কৰিছে উদ্যোক্তা সকলে।