ashomiyapatrika.com

এলএইচবি ডবাৰ সৈতে গুৱাহাটী – বিকানেৰ এক্সপ্ৰেছ ৰেলখনৰ চলাচল শুভৰাম্ভ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

0 33

গুৱাহাটীঃ যাত্ৰীসকলৰ সুৰক্ষা আৰু স্বাচ্ছন্দ্য আৰু অধিক বৃদ্ধিৰ বাবে, অত্যাধুনিক সা-সুবিধাৰে সজ্জিত গুৱাহাটী-বিকানেৰ জংচন-গুৱাহাটী সাপ্তাহিক এক্সপ্ৰেছ ৰেলখনক আধুনিক এলএইচবি (লিঙ্কে হফমেন বুছ) কোচলৈ ৰূপান্তৰিত কৰা হৈছে। অসম চৰকাৰৰ পৰিবহণ, আবকাৰী আৰু মৎস্য বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা এই এলএইচবি ৰে’লখনৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত মুখ্য কাৰ্যালয় আৰু মণ্ডলৰ শীৰ্ষ ৰে’লৱে বিষয়াবৰ্গ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নতুনকৈ ৰূপান্তৰিত এলএইচবি গুৱাহাটী-বিকানেৰ জং এক্সপ্ৰেছ ৰেলখন গুৱাহাটীৰ পৰা প্ৰতি শনিবাৰে ১০.৪০ বজাত প্ৰস্থান

কৰিব আৰু ৪ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি বুধবাৰে ১০.৪০ বজাত বিকানেৰ জংচন-গুৱাহাটী ৰেলখনে বিকানেৰ জংচনৰ পৰা প্ৰস্থান কৰিব। ৰেলখনে ৪৩ ঘণ্টাৰ ভিতৰত ২৩২৮ কিলোমিটাৰ পথ অতিক্ৰম কৰিব। যাত্ৰা পথত এই ৰে’লখনে কামাখ্যা, নিউ বঙাইগাঁও জং, নিউ আলিপুৰদুৱাৰ জং, নিউ জলপাইগুড়ী জং, কাটিহাৰ জং, মোকামা, কানপুৰ চেণ্ট্ৰেল, আগ্ৰা ফোৰ্ট, জয়পুৰ জং, দেগনা জং, মেৰতা ৰোড হৈ চলাচল কৰিব। এই ৰেলখনত ২২টা এলএইচবি আৰ্হিৰ ডবা থাকিব য’ত ১টা এচি ২ টায়াৰ, ৫টা এচি ৩ টায়াৰ, ১২টা শ্লীপাৰ শ্ৰেণী, দ্বিতীয় শ্ৰেণীৰ ডবা আৰু ১ টা পেন্ট্ৰী কাৰৰ উপৰিও ২ টা পাৱাৰ কাৰ থাকিব। ইয়াত

উল্লেখ কৰিব পাৰি যে, এলএইচবিৰ ডবাসমূহ অধিক যাত্ৰীৰ সা-সুবিধাৰ সৈতে আৰামদায়ক হোৱাৰ লগতে যাত্ৰীসকলৰ বাবে নিৰাপত্তাৰ দিশৰ পৰাও এক ঝামেলামুক্ত যাত্ৰাৰ সুবিধা প্ৰদান কৰে। এলএইচবি কোচৰ হাইড্ৰ’লিক শ্বক এবজৰ্ভাৰ আৰু উন্নত ছাছপেনশ্যন ছিষ্টেমৰ বাবে সাধাৰণ ৰেকৰ তুলনাত যাত্ৰীসকলৰ বাবে অধিক আৰামদায়ক যাত্ৰা নিশ্চিত কৰি তোলে। প্ৰত্যেক ডবাত “মডুলাৰ ইণ্টিৰিয়েৰ” আছে যিয়ে চিলিং, লাগেজ ৰেক আৰু বহল খিৰিকিৰ পোহৰক একত্ৰিত কৰি তোলে। সকলো এলএইচবি ডবাত নিয়ন্ত্ৰিত নিষ্কাশন স্নানাগাৰ ব্যৱস্থা আৰু জৈৱ-শৌচাগাৰ আছে, যি আইচিএফ ডবাৰ তুলনাত পৰিৱেশ অনুকূল। উত্তৰ-

পূৰ্বাঞ্চলৰ জনসাধাৰণক এক সুৰক্ষিত, দ্ৰুত আৰু আৰামদায়ক ভ্ৰমণ অভিজ্ঞতা প্ৰদানৰ বাবে ভাৰতীয় ৰে’লৱেই অবিৰতভাৱে প্ৰয়াস চলাই আহিছে আৰু গুৱাহাটী-বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছক আধুনিক এলএইচবি ৰেকলৈ ৰূপান্তৰিত কৰাটো এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব।

Leave A Reply

Your email address will not be published.