ashomiyapatrika.com

কামৰূপ মহানগৰ জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ আলোকচিত্ৰ শিল্পী প্ৰকাশ শৰ্মাৰ অৱসৰ

0 34

গুৱাহাটীঃ কামৰূপ মহানগৰ জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়াৰ কাৰ্যালয়ৰ আলোকচিত্ৰ শিল্পী প্ৰকাশ শৰ্মাই আজি অৱসৰ গ্ৰহণ কৰে৷ এই উপলক্ষে কাৰ্যালয়টোত আয়োজিত এখন সভাত শৰ্মাক আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়৷ জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া চিদানন্দ শইকীয়া, কাৰ্যালয়টোৰ উচ্চ বৰ্গৰ সহায়ক গৌৰী কলিতা প্ৰমুখ্যে কাৰ্যালয়ৰ কৰ্মচাৰী সকলে শৰ্মাক ফুলাম গামোছা, শৰাই আৰু বিদায় সম্বৰ্দ্ধনা পত্ৰ প্ৰদান কৰে৷ সভাত বিষয়াসহিতে কেবাগৰাকী কৰ্মচাৰী আৰু অৱসৰী ফটোগ্ৰাফাৰ প্ৰকাশ শৰ্মাই পৰস্পৰৰ সান্নিধ্যত বিগত সময়ছোৱাত লাভ কৰা অভিজ্ঞতা স্মৰণ কৰে৷ প্ৰকাশ শৰ্মাই অসম চৰকাৰৰ তথ্য

আৰু জনসংযোগ বিভাগত আলোকচিত্ৰ শিল্পী হিচাপে ১৯৮৭ চনত যোগদান কৰি সুদীৰ্ঘ প্ৰায় ৩৬ টা বছৰে তথ্য আৰু জনসংযোগ সঞ্চালকালয়, কোকৰাঝাৰত থকা তথ্য আৰু জনসংযোগ বিভাগৰ আঞ্চলিক কাৰ্যালয়, হাফলঙত থকা তথ্য আৰু জনসংযোগৰ অতিৰিক্ত সঞ্চালকৰ কাৰ্যালয়, মুখ্যমন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষ আৰু কামৰূপ (মহানগৰ) জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়াৰ কাৰ্যালয়ত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই৷ ২০০৮ চনত তেওঁ মুখ্যমন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষৰ পৰা বদলি হৈ আহি কামৰূপ (মহানগৰ) জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়াৰ কাৰ্যালয়ত যোগদান কৰিছিল৷ কৰ্তব্যনিষ্ঠা, সৰলতা, অমায়িক আচৰণ, নিজ কৰ্মৰ প্ৰতি উৎসৰ্গিত মনোভাৱ আদি গুণৰ বাবে তেওঁ সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈছিল৷

Leave A Reply

Your email address will not be published.