শংকৰদেৱ শিশু নিকেতনক ভূমি হস্তান্তৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ, উত্তৰ গুৱাহাটীৰ
গুৱাহাটীঃ কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থ নগৰী উত্তৰ গুৱাহাটীৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন। ১৯৯৮ চনতে প্ৰতিষ্ঠিত গৌৰৱোজ্বল ২৬ টা বছৰ গৰকা বিদ্যালয়খনৰ বাবে আজি ৩০ ছেপ্তেম্বৰ দিনটো চিৰ স্মৰণীয় হৈ ৰ’ব। আজিৰ শুভ দিনটোতে শ্ৰীশ্ৰী আউনীআটীয় সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰ তৰফৰ পৰা উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনে ১ বিঘা মাটি লাভ কৰে। আজি দিনৰ প্ৰায় এঘাৰ বজাত উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী, উপ প্ৰধান আচাৰ্য জগদীশ শৰ্মা, আচাৰ্য মনোৰঞ্জন কলিতা, ক্ষিতীশ গোস্বামী আৰু জিন্টু
তালুকদাৰৰ উপস্থিতিত এবিঘা মাটি আনুষ্ঠানিক ভাবে হস্তান্তৰ কৰি দিয়ে সত্ৰাধিকাৰ গৰাকীয়ে। ইয়াৰ বাবে শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটী পৰিয়ালৰ তৰফৰ পৰা আউনীআটীয় সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীক ধন্যবাদ জ্ঞাপন কৰে শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীয়ে৷ ইয়াৰ লগতে আজিৰ দিনটো শংকৰদেৱ শিশু নিকেতনৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। সুদীৰ্ঘ ২৬ বছৰ গৰকা বিদ্যালয়খন পোন প্ৰথমবাৰৰ বাবে মাটিৰ গৰাকী হ’ল নিকেতনৰ পৰিচালনা সমিতিয়ে৷