ashomiyapatrika.com

দুবাৰকৈ প্ৰতিবন্ধকতাৰ পৰিক্ষা অনুষ্ঠিত কৰিও নিযুক্তি নিদিয়াত ক্ষোভ প্ৰতিবন্ধীৰঃ নিযুক্তি পত্ৰ প্ৰদানৰ দাবীত প্ৰাথমিক শিক্ষা সঞ্চালকালয় ঘেৰাও

0 37

এমাহৰ ভিতৰত নিযুক্তি দিয়াৰ আশ্বাস মন্ত্ৰী ৰণোজ পেগুৰ

গুৱাহাটীঃ নিযুক্তি পত্ৰ প্ৰদানৰ দাবীত আজি প্ৰাথমিক শিক্ষা সঞ্চালকালয় ঘেৰাও কৰে নিযুক্তি বঞ্চিত টেট উৰ্ত্তীণ দিব্যাংগ প্ৰাৰ্থীয়ে।নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে বাছনি প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতো শিক্ষা বিভাগে প্ৰদান কৰা নাই নিযুক্তি পত্ৰ। ইতিমধ্যে দুবাৰকৈ মেডিকেল পৰীক্ষাৰ সন্মুখীন হৈছে এইসকল চাকৰি প্ৰত্যাশী। উল্লেখ্য যে প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত খালী থকা দিব্যাংগৰ বাবেশিক্ষা বিভাগে সংৰক্ষিত ৪৮৭ পদৰ বাবে জাৰি কৰিছিল বিজ্ঞাপন। সংশ্লিষ্ট পদৰ বাবে আবেদন কৰে ৫৭৯ দিব্যাংগ প্ৰাৰ্থীয়ে। ইয়াৰে ইতিমধ্যে মেডিকেল টেষ্টত উৰ্ত্তীণ হৈছে ২৬৮ জন। যোৱা ৫ জুনৰ পৰা ৯ জুনৰ ভিতৰত সম্পন্ন হৈছিল মেডিকেল টেষ্ট। আনহাতে ১

ছেপ্টেম্বৰত প্ৰকাশ হৈছিল ৩১১ অনুৰ্তীৰ্ণ প্ৰাৰ্থীৰ তালিকা আৰু ৭ জুনত প্ৰকাশ পাইছিল বাছনিকৃত ২৬৮ জন দিব্যাংগ প্ৰাৰ্থীৰ প্ৰাৰম্ভিক তালিকা। ইয়াৰ পিছতো তেওলোকক চাৰি মাহ ওকলি যোৱাৰ পাছতো নিযুক্তি দিয়া নাই। সেয়ে আজি বঞ্চিত প্ৰাৰ্থীয়ে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰৰ নেতৃত্বত শিক্ষা সঞ্চালকালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে। দিনৰ প্ৰায় ১১ বজাৰ পৰা বিয়লি ২:৩০ বজালৈ কাৰ্যলয় ঘেৰাও কৰি ৰখাৰ পিছত সঞ্চালকে প্ৰতিবাদকাৰীৰে আলোচনাত মিলিত হৈ অহা দূৰ্গাপূজাৰ পূৰ্বে নিযুক্তি দিয়াৰ আশ্বাস দিয়ে। ইপিনে প্ৰতিবন্ধীৰ প্ৰতিবাদৰ পিছত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে প্ৰাৰ্থী সকলকৰ বাচনি প্ৰক্ৰিয়া ইতিমধ্যে

সম্পূৰ্ণ হৈছে আৰু এমাহৰ ভিতৰত তেওঁলোকক নিযুক্তিপত্ৰ প্ৰদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে। মালাকাৰে কয় যে ২০২৩চনৰ ১১ফেব্ৰুৱাৰীত শিক্ষা বিভাগে প্ৰাথমিক আৰু মাধ্যমিক শাখাত প্ৰতিবন্ধীৰ বাবে সংৰক্ষিত ৪৯৮টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ উক্ত পদত ৰাজ্যখনৰ মাত্ৰ ৫৭৯জন প্ৰাৰ্থীয়ে আবেদন কৰিছিল৷ সেই অনুসৰি ১ৰ পৰা ৪এপ্ৰিললৈ সংশ্লিষ্ট জিলাসমুহত যুটীয়া স্বাস্থ্য সঞ্চালকৰ দ্বাৰা প্ৰতিবন্ধকতাৰ পৰিক্ষা সম্পন্ন কৰিছিল৷ ইয়াৰ পিছত ৩মে’ত প্ৰথম আৰু ৮মে’ত দ্বিতীয় তালিকা প্ৰকাশ কৰি ২৩মেত বিভাগে সাধাৰণ প্ৰাৰ্থী সকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰে যদিও এই তালিকাৰ পৰা প্ৰতিবন্ধী

প্ৰাৰ্থী সকলৰ নাম বাদ পৰে৷ ইয়াকে লৈ প্ৰতিবন্ধী প্ৰাৰ্থী সকলৰ মাজত এক শংকাৰ পৰিৱেশৰ সৃষ্টি হয়৷ ইয়াৰ পিছতে বিভাগে ততাতৈয়াকৈ ৫ৰ পৰা ৯জুনলৈ পুনৰ প্ৰতিবন্ধকতা পৰিমান পুনৰীক্ষণ জিএমচিএইছত সম্পন্ন কৰে৷ কিন্তু আজি পৰ্যন্ত ৰহস্যজনক কাৰনত চবকা সাথ সবকা বিকাশৰ শ্ল’গান দিয়া চৰকাৰ খনে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব পৰা নাই। মালাকাৰে লগতে কয় যে প্রতিবন্ধী আইন ২০১৬ ৰ ২৪ নং দফা অনুসৰি ৰাজ্যখনত চলি থকা চৰকাৰী আঁচনিত সৰ্বাধিক আদায় দিয়া ধনৰাশিৰ লগত প্রতিবন্ধীসকলক ২৫ শতাংশ ধন অতিৰিক্তভাৱে আদায় দিব লাগে। যদি সেয়া হয় অৰুণোদয়ৰ ১২৫০ টকাৰ ঠাইত ৰাজ্যৰ প্ৰতিজন

প্ৰতিবন্ধী ব্যক্তিয়ে ১৫৬৩ টকাকৈ পাব লাগে। তাকে নকৰি কিছু সংখ্যক প্রতিবন্ধী ব্যক্তিক কেৱল ১২৫০ টকা আদায় দি আইনখন ভৰিৰে মোহাৰি দিয়াৰ লগতে ৰাজ্যখনৰ প্ৰতিবন্ধী ব্যক্তিসকলক বঞ্চিত কৰাৰ চেষ্টা চলিছে। মালাকাৰে লগতে কয় ২০১৭ চনৰ ৩১ ডিচেম্বৰলৈ চৰকাৰে দিয়া তথ্য অনুসৰি প্ৰতিবন্ধীসকলৰ বাবে ২৩টা বিভাগত বেকলগ হৈ থকা মুঠ ৪৪১৯টা খালী পদৰ ৮৬৩টা পদ বাদ দি বাকীসমূহ পদত বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে পদসমূহ পুৰণৰ ব্যৱস্থা কৰিব লাগিব৷ এই বিষয়ে ইতিমধ্যে যোৱা ২৭জুলাইত বিভাগীয় মন্ত্ৰী পিয়ুষ হাজৰিকাৰ লগত হোৱা আলোচনাত মন্ত্ৰীগৰাকীয়ে শীঘ্ৰে

মূখ্যমন্ত্ৰীক অৱগত কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও আজি পৰ্য্যন্ত ইয়াৰ কোনো ফলপ্ৰসূ সিদ্ধান্ত পোৱা নগ’ল৷ আজিৰ কাৰ্যসূচীত অসম বিভিন্ন প্ৰান্তৰ প্ৰায়১৫০ গৰাকী প্ৰতিবন্ধী ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

Leave A Reply

Your email address will not be published.