ashomiyapatrika.com

মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ১০ খনকৈ কাটামাৰাণ জাহাজ,৩ খন টাগ বোট আৰু ১ খন ছাৰ্ছ এণ্ড ৰেস্কিউ বোট

0 49

অসম আভ্যন্তৰীণ জলপৰিবহন বিভাগত ব্যাপক পৰিবৰ্তনঃ পৰিবহন পৰ্যটন দুয়োটা খণ্ডকেই সমৃদ্ধ কৰিব নৱ সংযোজিত বাহনকেইখনে

গুৱাহাটীঃ অসমৰ আভ্যন্তৰীণ জলপৰিবহন খণ্ডত ব্যাপক পট পৰিবৰ্তনেৰে আজি একেলগে সংযোজিত হ’ল ১০ খনকৈ সুবিশাল কাটামাৰাণ জাহাজ। লগতে সংযোজন কৰা হৈছে ৩ খনকৈ টাগ বোট আৰু এখন অনুসন্ধান আৰু উদ্ধাৰকাৰী নাও। আজি গুৱাহাটীৰ লাচিত ঘাটত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে জাহাজকেইখন। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, পৰ্যটন –জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ কুইন ওজা, পৰিবহন বিভাগৰ সচিব আদিল খান, অসম আভ্যন্তৰীণ জল পৰিবহন উন্নয়ন সমিতিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক তথা

পৰিবহন বিভাগৰ অতিৰিক্ত সচিব গৌৰৱ উপাধ্যায়, আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সঞ্চালক হানিফ নুৰানীৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।আজি এই অভিলাষী পদক্ষেপ গ্ৰহণেৰে জাহাজ আৰু নাও মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ বাবে নদী সদায় জীৱনৰেখা হৈ আহিছে। আভ্যন্তৰীণ জল পৰিবহন বিভাগক সেৱাৰ সমান্তৰালকৈ ৰাজহৰ ক্ষেত্ৰতো এক শক্তিশালী মাধ্যম হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এই নতুন জাহাজৰ সংযোজনে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব। তেওঁ লগতে কয় যে এই আধুনিক জাহাজসমূহে, অসমৰ জলপথসমূহক পুনৰুজ্জীৱিত কৰাই নহয় অৰ্থনৈতিক বিকাশ, নিয়োগ সৃষ্টি, আৰু সেউজ ভৱিষ্যতৰ

দুৱাৰ মুকলি কৰিব। মুখ্যমন্ত্ৰীয়ে ফ্লেগ অফ কৰি জাহাজকেইখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰাৰ পিছতেই পৰিবহন বিভাগৰ সচিব আদিল খানে আদৰণি ভাষণৰ লগতে এক প্ৰেজেণ্টেশ্যনেৰে পৰিবহন বিভাগৰ যাত্ৰাৰ এক চমু আলোকপাত কৰে। তেওঁ ভাষণ প্ৰসঙ্গত কয় যে আজি মুকলি কৰা এই কৌশলগত জাহাজৰ সংযোজন এক দূৰদৰ্শী পদক্ষেপ হিচাপে বিবেচিত হৈ ৰ’ব যিয়ে অসমৰ নদী ব্যৱস্থাৰ বিপুল সম্ভাৱনাক সুন্দৰভাৱে ব্যৱহাৰ কৰিব। উল্লেখ্য যে এই নতুনকৈ সংযোজিত জাহাজকেইখন ক্ৰমে মেছাৰ্ছ ছফ্ট শ্বিপয়ার্ড প্রাইভেট লিমিটেডৰ পৰা ক্ৰয় কৰা হৈছে। জাহাজকেইখনৰ নাম ৰখা হৈছে ক্ৰমে এমভি উগ্রতাৰা, এমভি উমাচল, এমভি

অশ্বক্লান্ত, এমভি জাহ্নবী, এমভি সপ্তেশ্বৰী, এমভি ভাগীৰথী, এমভি অলাকানন্দা, এমভি সোণভ্ৰঙ্গী, এমভি ত্রিবেণী আৰু এমভি শংকৰী। এই আটাইকেইখন জাহাজেই অসম আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বিভিন্ন ডিভিজন পৰিচালিত হ’ব। ইয়াৰ ভিতৰত গুৱাহাটীত ৬খন জাহাজ, যোৰহাটত ২ খন জাহাজ আৰু ধুবুৰীত ২খন জাহাজ পৰিচালিত হ’ব। ইফালে গুৱাহাটীত চলিবলগীয়া ৬ খন কাটামাৰানৰ ভিতৰত ২খন জাহাজ কৌশলগতভাৱে অসম পৰ্যটন ক্ৰুজ চাৰ্কিটৰ সৈতে একত্ৰিত কৰা হৈছে। পিছলৈ এয়া অসম আভ্যন্তৰীণ জলপথ কোম্পানী লিমিটেডৰ (এআইডব্লিউচিএল) অধীনত কাৰ্যকৰী হ’ব। স্মৰ্তব্য যে অসম পৰ্যটন ক্ৰুজ

চাৰ্কিটে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ আশে-পাশে থকা ৪/৫ টা ধৰ্মীয় আৰু পৰ্যটনস্থলী সামৰি ল’ব। ভাষণ প্ৰসঙ্গত ৰাজ্যৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে আজি মুকলি কৰা এই জাহাজসমূহৰ প্ৰৱৰ্তনে ৰাজ্যখনৰ আভ্যন্তৰীণ জল পৰিবহণক এক নতুন ৰূপত উদ্ভাসিত কৰি তুলিবলৈ সাজু হৈছে, যিয়ে কাৰ্যক্ষমতা, সুৰক্ষা, আৰু পৰিৱেশ বহনক্ষমতাৰ ক্ষেত্ৰত অসংখ্য সুবিধা প্ৰদান কৰিব। বিশ্বৰ আটাইতকৈ মিতব্যয়ী পৰিবহন ব্যৱস্থা হিচাপে পৰিচিত জল পৰিবহনক এতিয়াৰ পৰা অসমে আন এক নতুন ৰূপত দেখিবলৈ পাব বুলিও পৰিবহন মন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ইফালে আজিৰ অনুষ্ঠানত মুকলি কৰা ১০খন কাটামাৰাণ জাহাজৰ সংযোজনে

অসমৰ পৰ্যটন খণ্ডক ব্যাপকভাৱে উত্তৰণ প্ৰদান কৰিব আৰু নদী পৰ্যটনে ইয়াৰ যোগেদি এক নতুন ৰূপত আত্মপ্ৰকাশ কৰিব বুলি আশা প্ৰকাশ কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসঙ্গত কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শক্তিশালী নেতৃত্ব আৰু দূৰদৰ্শিতাৰ ফলতেই অসমত বহু দিন পিছত পুনৰ এবাৰ জল পৰিবহন বিভাগে পুনৰ এবাৰ শক্তিশালী ৰূপত উদ্ভাসিত হৈ উঠিছে। আৰু পৰ্যটন পৰিবহন দুয়োটা ক্ষেত্ৰকেই এই নতুনকৈ সংযোজিত জাহাজ আৰু নাওকেইখনে সমৃদ্ধ কৰি ৰাখিব। তেওঁ লগতে কয় যে এই ১০খন নতুন কাটামাৰান জাহাজ, ৩খন টাগ বোট আৰু ১খন উদ্ধাৰকাৰী আৰু অনুসন্ধান নাওৰ আনুষ্ঠানিক

উন্মোচনে ৰাজ্যখনৰ আভ্যন্তৰীণ জলপথত এক সজীৱ আৰু বহনক্ষম পৰিবহণ নেটৱৰ্কক আৰু শক্তিশালী কৰি তুলিব। উল্লেখ্য যে ৰাজ্যজুৰি অসংখ্য যাত্ৰীৰ বাবে এক নিৰাপদ, বহনক্ষম আৰু নিৰ্ভৰযোগ্য পৰিবহণ পদ্ধতি নিশ্চিত কৰিবলৈ বিশ্ব বেংকৰ আৰ্থিক সাহায্যৰে অসম চৰকাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত উচ্চমানৰ যাত্ৰী আৰু যান-বাহন ফেৰী সেৱা একত্ৰিত কৰি আভ্যন্তৰীণ জলপথ পৰিবহণৰ মান উন্নত কৰাৰ বাবে অসম আভ্যন্তৰীণ জল পৰিবহণ (AIWT) প্ৰকল্প গ্ৰহণ কৰিছে। অসমৰ জল পৰিবহন খণ্ডক আধুনিকীকৰণৰ বাবে বিশ্ব বেংকে পৰ্যায়ক্ৰমে প্ৰকল্পৰ জৰিয়তে চৰকাৰক বিত্তীয় সাহায্য

আগবঢ়াই আহিছে, য’ত ফেৰী আন্তঃগাঁথনিৰ উন্নীতকৰণ, বন্দৰৰ আধুনিকীকৰণ, প্ৰতিষ্ঠানিক ক্ষমতা বিকাশ আদি অন্তৰ্ভুক্ত কৰা হৈছে। এই উদ্দেশ্য আগত ৰাখিয়েই বিশ্ববেংকৰ প্ৰকল্প ৰূপায়ণৰ বাবে অসম চৰকাৰে পৰিবহণ বিভাগৰ অধীনত ‘অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতি’ গঠন কৰিছে।

Leave A Reply

Your email address will not be published.