ashomiyapatrika.com

‘আবৃত্তি আৰু সংস্কৃতি পৰিষদ’ অসমৰ বকো শাখা গঠন

0 55

বকোঃ সাহিত্য – সংস্কৃতিৰ বৌদ্ধিক আৰু তত্ব কলাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি অহা স্বেচ্ছাসেৱী অনুস্থান ‘আবৃত্তি আৰু সংস্কৃতি পৰিষদ’ অসমৰ বকো শাখা সমিতি খন আজি গঠন কৰা হয়। কামৰূপ জিলাৰ বকো সাহিত্য সভা ভৱনত কামৰূপ জিলা সমিতিৰ তত্বাৱধানত গঠন কৰা হয় বকো শাখা সমিতি খন। উল্লেখ্য যে চৰকাৰী পঞ্জীয়নভুক্ত সংগঠনটোৰ কামৰূপ জিলাৰ সম্পাদক তথা দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক জয়ন্ত বৈশ্যৰ তৎপৰতাত আৰু অসম বিজ্ঞান সমিতি বকো শাখাৰ সম্পাদক পৱিত্ৰ কৈৱৰ্ত্ত‌ৰ আহ্বানত আয়োজন কৰা হয় এখন সাধাৰণ সভা। বকো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি

সুৰেন চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত পোন প্ৰথমৰ বাবে সংগঠিত হোৱা অনুষ্ঠানটিৰ সৰ্বসন্মতিক্ৰমে বকো শাখাৰ সভাপতি হিচাপে হিৰণ্য কুমাৰ নাথ, উপ-সভাপতি হিচাপে অপূৰ্ব কুমাৰ ৰয়ক, সাধাৰণ সম্পাদক নৱ কুমাৰ নাথক, সহকাৰী সম্পাদক হিচাপে অনন্যা দাসক, কোষাধ্যক্ষ হিচাপে নয়ন ৰাভাক, সাংগঠনিক সম্পাদক হিচাপে পৱিত্ৰ কৈৱৰ্ত্ত‌ক, কাৰ্যবাহী সদস্য বৃন্দ ক্ৰমে উদয় ৰাজবংশী, সত্যপ্ৰিয়ম নাথ, দীপাংকৰ বৈশ্য, জ্যোতিৰূপা পাঠক আৰু মীৰা বায়ন কলিতাক মনোনীত কৰি গঠন কৰা হয় সমিতি খন। সাহিত্যৰ অনুস্থানটো আগুৱাই লৈ যোৱাৰ দায়িত্ব দি এই এঘাৰজনীয়া কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। ইফালে

কাৰ্যকৰী সমিতি খনত সুৰেন চন্দ্ৰ কলিতাৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি গৌৰাংগ ঠাকুৰীয়া, বকো সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি বিজয়া ডেকা আৰু সম্পাদক জনাৰ্দন বড়ো, বিশিষ্ট শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ কাৰ্য্যবাহী সদস্য ড° গণেশ্বৰ চহৰীয়া আৰু বকো প্ৰেছ ক্লাবৰ সম্পাদক বিষ্ণুৰাম দাসক উপদেষ্টা হিচাপে মনোনীত কৰে। সমিতিৰ বলিষ্ঠ পদক্ষেপেৰে বকো অঞ্চলতো কবিতা আবৃত্তিৰ কলাত্মক জাগৰণৰ সৃষ্টি কৰিব বুলি সভাত উপস্থিত আটাইয়ে মতপোষণ কৰে৷’ আবৃত্তি আৰু সংস্কৃতি পৰিষদ অসম”ৰ কামৰূপ জিলাৰ সভাপতি কৈলাশ শৰ্মা আৰু সম্পাদক জয়ন্ত বৈশ্য‌ই এই সমিতি খনক অনুমোদন জনাই ভৱিষ্যৎ কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে।

Leave A Reply

Your email address will not be published.