ashomiyapatrika.com

বকোত ‘দীক্ষিতা প্ৰকাশনৰ’ প্ৰথম পদক্ষেপ কাব্যগ্ৰন্থ প্ৰকাশৰ প্ৰস্তূতিঃ লেখনি পঠিয়াবলৈ আহ্বান

0 49

বকোঃ কামৰূপ আৰু গোৱালপাৰা জিলাত বৌদ্ধিক সমাজ গঠনৰ আন্দোলনৰ লগত সংগতি ৰাখি সমাজ সংগঠক জনাৰ্দন বড়োই আৰম্ভ কৰিছে দীক্ষিতা প্ৰকাশন নামৰ প্ৰতিস্থান। বকোৰ দীক্ষিতা চুইটছ এণ্ড বেকাৰীৰ স্বত্বাধিকাৰী জনাৰ্দন বড়োৰ অন্য এক নতুন যাত্ৰা দীক্ষিতা প্ৰকাশন। এই দীক্ষিতা প্ৰকাশনৰ প্ৰথম পদক্ষেপ এখন নতুন আধুনিক ৰূপত কাব্যগ্ৰন্থ প্ৰকাশ। উল্লেখ্য যে বকোৰ জোনজ্যোতি পুস্তাকালয়ৰ সহযোগত নতুনকৈ আত্মপ্ৰকাশ কৰা আৰু সমাগম বসন্ত ঋতুক আদৰাৰ উদ্দেশ্যে আগত ৰাখি কামৰূপ আৰু গোৱালপাৰা জিলাৰ ১০০ গৰাকীতকৈ অধিক প্ৰতিভাসম্পন্ন কবিৰ কবিতাৰে সমৃদ্ধ এখন উন্নত মানৰ কাব্যগ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছে

বুলি জানিব দিয়ে দীক্ষিতা চুইটছ এণ্ড বেকাৰীৰ স্বত্বাধিকাৰী জনাৰ্দন বড়োই। বড়োই আজি সাংবাদিকৰ আগত প্ৰকাশ কৰে যে জিলা দুখনত কাব্য চৰ্চা কৰি থকা কবি অথবা লেখক লেখিকা সকলোৰ পৰা অতি কমেও ৫ টাকৈ কবিতা বিচৰা হৈছে। ইয়াৰ পৰা অভিজ্ঞ বিচাৰকৰ জৰিয়তে নিৰ্বাচিত কবিতা কাব্যগ্ৰন্থত প্ৰকাশ কৰা হ’ব। ইফালে ইচ্ছুক কবি সকলে নিজৰ নিজৰ কবিতা সমুহ বকোৰ জোনজ্যোতি পুস্তকালয়ত স্থাপন কৰা কবিতা সংগ্ৰহৰ বাকচত অহা ৫ নৱেম্বৰৰ ভিতৰত জমা দিবলৈ জনোৱা হৈছে বুলি জানিব দিয়ে প্ৰকাশকে। ইফালে কবিতাৰ লগত কবি সমুহৰ ঠিকনা সহ চমু পৰিচয় তথা টোকা, এখন পাছপোৰ্ট আকাৰৰ ফটো আৰু যোগাযোগৰ

নম্বৰ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে জনাৰ্জন বড়োই। প্ৰকাশ যে দীক্ষিতা চুইটছ এণ্ড বেকাৰীৰ নতুন সংযোজন দীক্ষিতা প্ৰকাশনৰ লগত যোগাযোগ কৰিবলৈ ৯৮৬৪৬ -৩৩১৮৯ অথবা ৮৭২৪৮ -৩৪৩৫১ নম্বৰৰ মোৱাইলত সংযোগ কৰিবলৈ আহ্বান জনাইছে স্বত্বাধিকাৰীয়ে।

Leave A Reply

Your email address will not be published.