ashomiyapatrika.com

বকোৰ শীচাপীঠত মহাপুৰুষ জনাৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত হৰিনাম ধ্বনিৰে মুখৰিত

0 36

বকোঃ নৱ বৈষ্ণৱ ধৰ্মৰ ভেটি স্থাপন কৰি কৃষ্টি সংস্কৃতিৰ প্ৰচাৰেৰে সুষ্ঠ সমাজ গঢ়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি কামৰূপ জিলাৰ বকোৰৰ শীচাপীঠতো উলহ মালহেৰে পালন কৰা হয়। শীচাপীঠ চতুৰ্ভূজ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু আবিৰ্ভাৱ মহোৎসৱ উদযাপন সমিতিৰ সহযোগত বিগত বছৰবোৰৰ এই বৰ্ষও আয়োজন কৰা হৈছে তিথি মহোৎসৱ। নামঘৰ পৰিচালনা সমিতিৰ সভাপতি বানেশ্বৰ দাস সম্পাদক প্ৰভাত কলিতা আৰু তিথি মহোৎসৱ আয়োজক সমিতিয়ে জনোৱা মতে উৎসৱত তাত্বিক আৰু বৌদ্ধিক তথা আধ্যাত্মিক দিশৰ বহু কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। আয়তিৰ নাম প্ৰসংগ আৰু বাপ বান্ধৱৰ নাম কীৰ্তনৰ উপৰিও ধৰ্ম ধ্বজ্বা উত্তোলন, হৰিনাম ধ্বনিৰে বৰ্ণিল ভাগৱত শোভাযাত্ৰা আয়োজন কৰা হয়। গুৰু জনাৰ ধৰ্মীয় ভাগৱত শোভাযাত্ৰাই অঞ্চলটোত সমন্বয় সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.