ashomiyapatrika.com

চৰকাৰলৈ পুথিভঁৰাল আইন প্ৰণয়নৰ আহ্বানঃ প্ৰতাপ হাজৰিকাৰ

0 54

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতি গঠন

বকোঃ সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ আজি বাৰ্ষিক সাধাৰণ সভা খন সমাপন হয়। কামৰূপ জিলাৰ বকোস্থিত চিলাৰায় ভৱনত দিনযোৰা কাৰ্য্যসুচীৰে আয়োজন কৰে সংস্থাটোৰ সাধাৰণ সভাৰ কাৰ্য্যসূচী। কামৰূপ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সভা আয়োজক সমিতিৰ সভাপতি মিলন কুমাৰ দাসৰ তৎপৰতাত সম্পাদক বিষ্ণু ৰাম দাসে আত ধৰা অনুস্থানত পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি অনিল চন্দ্ৰ দাসে ; অনুস্থানত স্মৃতি তৰ্পণ কৰে বিশিষ্ট যুৱ সমাজ কৰ্মী তথা সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি অনুপম দাসে। ইয়াৰ পিছতে গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাংস্কৃতিক সম্পাদিকা

প্ৰয়াত লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা অনুস্থান ৰূপায়ণ কৰে। দিনৰ ভাগত জিলা সমিতিৰ সভাপতি অনিল চন্দ্ৰ দাসৰ পৌৰহিত্যত অনুষ্ঠিত হয় সাধাৰণ সভাৰ কাৰ্য্যসূচী। জিলা সমিতিৰ সাধাৰণ সভাৰ আয়োজক সমিতিৰ সম্পাদক বিষ্ণু ৰাম দাসে আত ধৰা অনুস্থানত অংশগ্ৰহণ কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, বকোৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় বকোৰ প্ৰধান সচিব ড° গণেশ্বৰ চহৰীয়া, পুথিভঁৰাল সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ধীৰেন চন্দ্ৰ শৰ্মা, গোৱালপাৰা জিলাৰ সম্পাদক প্ৰতাপ অধিকাৰী, ডিম্বেশ্বৰ দাস আৰু পবিত্ৰ কৈৱৰ্তকে ধৰি বহু

সংখ্যক বিশিষ্ট অতিথি। ইফালে সাধাৰণ সভাৰ কাৰ্য্যসূচী একাদিক্ৰমে ৰূপায়ণ কৰাৰ পিছতে গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ৰীতি নীতি আৰু নিৰ্দেশাৱলী আলোকপাত কৰাৰ অন্তত বিষয় বাচনি সভাৰ জৰিয়তে অনুপম দাসক সভাপতি, তিলক চন্দ্ৰ লহকৰ আৰু নিৰুপমা ৰাভাক উপ সভাপতি, বিষ্ণু ৰাম দাসক প্ৰধান সম্পাদক, সুনিল বড়োক সহকাৰী সম্পাদক, কনক কুমাৰক সাংস্কৃতিক সম্পাদক, ভৱেশ বড়োক আলোচনী সম্পাদক আৰু নিপেন তালুকদাৰক ক্ৰীড়া সম্পাদক আৰু অন্যান্য পদৰ বাবে বিষয় ববীয়া মনোনীত কৰি গঠন কৰে কামৰূপ জিলা পুথিভঁৰাল সমিতি খন। সভাত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই ভাষণ প্ৰসংগত চৰকাৰক পুথিভঁৰাল আইন প্ৰণয়নৰ আহ্বান জনায়। অনুস্থানত বৰগীত পৰিবেশন কৰে যুতিকা দাসে আৰু সত্ৰীয়া নৃত্য পৰিবেশন কৰে শিশুশিল্পী ধ্যানশ্ৰী কাশ্যপে। সভাত কামৰূপ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ আগন্তুক দিনৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে।

Leave A Reply

Your email address will not be published.