ashomiyapatrika.com

বকোত মহাপুৰুষ জনাৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱত হৰিনাম ধ্বনিৰে মুখৰিতঃ ধৰ্মীয় ভাগৱত শোভাযাত্ৰাই সৃষ্টি কৰে সমন্বয়

0 46

বকোঃ নৱ বৈষ্ণৱ ধৰ্মৰ ভেটি স্থাপন কৰি কৃষ্টি সংস্কৃতিৰ প্ৰচাৰেৰে সুষ্ঠ সমাজ গঢ়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি কামৰূপ জিলাৰ বকোতো উলহ মালহেৰে পালন কৰা হয়। বকো আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু আবিৰ্ভাৱ মহোৎসৱ উদযাপন সমিতিৰ সহযোগত বিগত বছৰবোৰৰ এই বৰ্ষও আয়োজন কৰা হৈছে তিথি মহোৎসৱ। নামঘৰ পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি তথা জ্যেষ্ঠ্য বাপ থানেশ্বৰ ৰাভা, সম্পাদক ৰঞ্জিত দলৈ আৰু তিথি মহোৎসৱ আয়োজক সমিতিৰ সভাপতি মনোৰঞ্জন কলিতা, সম্পাদক দ্বয় মনোজ অধিকাৰী আৰু কৌশিক কলিতাই জনোৱা মতে দুইদিনীয়াকৈ আয়োজন কৰা

উৎসৱত তাত্বিক আৰু বৌদ্ধিক তথা আধ্যাত্মিক দিশৰ বহু কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। ঘোষানাম প্ৰতিযোগিতা, আয়তিৰ নাম প্ৰসংগ আৰু বাপ বান্ধৱৰ নাম কীৰ্তনৰ উপৰিও ধৰ্ম ধ্বজ্বা উত্তোলন, হৰিনাম ধ্বনিৰে বৰ্ণিল ভাগৱত শোভাযাত্ৰা আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়। গুৰু জনাৰ ধৰ্মীয় ভাগৱত শোভাযাত্ৰাই বকোত সমন্বয় সৃষ্টি কৰিছে। গুৰুজনাৰ মহোৎসৱত বাপ বান্ধৱৰ নাম প্ৰসংগ, আই মাতৃ সমাজৰ আয়তি নাম আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Leave A Reply

Your email address will not be published.