ashomiyapatrika.com

মধ্যপ্ৰদেশত ছোনিয়া গান্ধীৰ ঘৰ জ্বলাই দিবলৈ উচটনি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ

0 61

বাগানে বাগানেৰ সফলতাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ নতুন কাৰ্যসূচী ঘোষণা

গুৱাহাটীঃ বাগানে বাগানে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীৰ সফল সমাপ্তিৰ অন্তত প্ৰদেশ কংগ্ৰেছে সমগ্ৰ অসমত প্ৰায় ২ মাহ যোৰা এক কাৰ্যসূচী ঘোষণা কৰিছে। এই কাৰ্যসূচী অনুযায়ী প্ৰথম ৫ দিন বানপীড়িত অঞ্চলসমূহৰ লগতে জনগোষ্ঠীয় লোকসকল বাস কৰা অঞ্চলসমূহত চাঙে চাঙে কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। এই কাৰ্যসূচীৰ জৰিয়তে বানপীড়িত অঞ্চলৰ লোকসকলৰ লগতে জনগোষ্ঠীয় লোকসকলৰ সুখ-দুখৰ বুজ ল’ব প্ৰদেশ কংগ্ৰেছে। পৰৱৰ্তী সময়ত উত্তৰ কাছাৰ, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আদি পাহাৰীয়া জিলাৰ লগতে আন পাহাৰীয়া অঞ্চলত পাহাৰে পাহাৰে কংগ্ৰেছ শীৰ্ষক অভিযান চলোৱা হ’ব। একেদৰে ১৪ দিনৰ বাবে চৰ

অঞ্চলসমূহতো অভিযান চলাব কংগ্ৰেছে। ইয়াৰ পিছত এমাহৰ বাবে কংগ্ৰেছে গাঁৱে গাঁৱে অভিযান চলাই প্ৰতিখন গাঁৱৰে লোকসকলৰ অভাৱ-অভিযোগৰ বুজ ল’ব। এই প্ৰতিটো কাৰ্যসূচীতে কংগ্ৰেছে মানুহৰ মনৰ বতৰা লোৱাৰ লগতে বৰ্তমানৰ চৰকাৰখনৰ জনবিৰোধী নীতিসমূহৰ বিষয়েও জনসাধাৰণক সাজগ কৰিবলৈ একাধিক কাৰ্যসূচী হাতত লৈছে। ৰাজীৱ ভৱনত আজি এই নতুন কাৰ্যসূচী ঘোষণা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে ২২ দিনীয়া বাগানে বাগানে কাৰ্যসূচীৰ সফলতাৰ পিছত চৰকাৰখন একপ্ৰকাৰ বিচলিত হৈ পৰিছে আৰু নিজৰ প্ৰকৃত স্বৰূপ ওলাই পৰাত ভিতৰি শংকিত হৈ পৰিছে। ইফালে, আজি ৰাজীৱ ভৱনত এক

সংবাদমেল অনুষ্ঠিত কৰে প্ৰদেশ কংগ্ৰেছে। এই সংবাদমেলত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই। সংবাদমেলত তিনিওগৰাকীয়ে মধ্যপ্ৰদেশৰ এক জনসভাত অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা ঘৃণাসূচক মন্তব্যক গৰিহণা দিয়ে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো এতিয়ালৈকে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ নকৰা বিষয়টোক লৈ কংগ্ৰেছ নেতাগৰাকী সংবাদমেলত সৰৱ হৈ পৰে। সংবাদমেলত নেতাকেইগৰাকীয়ে জনায় যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু মহিলা প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা

মুখ্যমন্ত্ৰীৰ উক্ত মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে ১৮ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ এখন জনসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা কমল নাথক কৈছিল যে যদিহে নিজকে হনুমান ভক্ত বুলি কৈ থকা কমল নাথ সঁচাকৈয়ে হনুমান ভক্ত হয় তেন্তে হনুমানে লংকা জ্বলাই দিয়াৰ দৰে কমল নাথেও ১০ জনপথ জ্বলাই দিব লাগে। আইন যিহেতু সকলোৰে বাবে সমান, গতিকে এনেধৰণৰ গৰ্হিত আৰু উচতনিমূলক ভাষণ প্ৰদান কৰা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নহ’ব বুলিও আজি সংবাদমেলত প্ৰশ্ন কৰে বেদব্ৰত বৰা আৰু মীৰা বৰঠাকুৰে। সংবাদমেলত বৰা আৰু বৰঠাকুৰে কয় যে যি

দলৰেই নহওক কিয় ৭৩ বছৰীয়া এগৰাকী পৰিমাৰ্জিত সাংসদৰ বিৰুদ্ধে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰাতো মুঠেই শোভা নাপায়। ‘ছোনিয়া গান্ধী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃসদৃশ। ইয়াৰ পূৰ্বে ছোনিয়া গান্ধী ৰাজহুৱা জীৱনত নথকা সময়তো ড০ হিমন্ত বিশ্ব শৰ্মাই তেখেত জালুকবাৰীলৈ মাতি আনি সম্বৰ্ধনা জনাইছিল। ছোনিয়া গান্ধীৰ ভৰিত ধৰিয়েই হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিছিল। কিন্তু এতিয়া ক্ষমতাৰ বাবেই অতীত পাহৰি হিমন্ত বিশ্ব শৰ্মাই ঘৃণাসূচক মন্তব্য কৰিবলৈকো কুণ্ঠাবোধ নকৰা হৈছে।’-এনে এগৰাকী মুখ্যমন্ত্ৰীৰ পৰা নতুন পুৰুষে কি শিকিব বুলি প্ৰশ্ন কৰি এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ নেতাকেইগৰাকীয়ে। যি সময়ত দেশৰ নতুন প্ৰজন্মই চন্দ্ৰ

অভিযানক লৈ চৰ্চা কৰিছে, যি সময়ত সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হৈছে সেই সময়ত এগৰাকী বৰ্ষীয়ান মহিলা নেত্ৰীৰ বিৰুদ্ধে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনে ঘৃণাসূচক মন্তব্য কৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছে। আজিৰ সংবাদমেলত প্ৰদেশ কংগ্ৰেছে কয় যে হিমন্ত বিশ্ব শৰ্মাই গোপীনাথ বৰদলৈ, মহেন্দ্ৰমোহন চৌধুৰী, শৰৎচন্দ্ৰ সিংহ, তৰুণ গগৈৰ দৰে ব্যক্তিসকলে অলংকৃত কৰি যোৱা মুখ্যমন্ত্ৰীৰ আসনখনৰ পদমৰ্যাদা লাঘৱ কৰিছে। অনাগত দিনত এনেধৰণৰ পদমৰ্যাদা হানিকৰ মন্তব্য নকৰিবলৈকো আজিৰ সংবাদমেলযোগে মুখ্যমন্ত্ৰীগৰাকীক সকীয়াই দিয়ে প্ৰদেশ কংগ্ৰেছে।

Leave A Reply

Your email address will not be published.