ashomiyapatrika.com

কাইলৈৰ পৰা গোৱাত ভাৰতৰ প্ৰথম লাইটহাউছ উৎসৱৰ শুভাৰম্ভণি

0 62

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে আগুআদা দুৰ্গ লাইটহাউছত ঐতিহাসিক উৎসৱটোৰ শুভ উদ্বোধন কৰিব

পাঞ্জিমঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ দুৰ্গ আগুআদা লাইটহাউছৰ পৰা ভাৰতৰ প্ৰথম লাইটহাউছ উৎসৱৰ শুভ উদ্বোধন কৰিব। ২৩ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চলিবলগীয়া তিনিদিনীয়া উৎসৱটো দেশৰ সকলো লাইটহাউছতে উদযাপন কৰা হ’ব, যাতে এই ঐতিহাসিক স্থানসমূহ পৰ্যটনস্থলী হিচাপেও উজলি উঠে। উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নায়েক, গোৱাৰ পৰ্যটন মন্ত্ৰী ৰোহন খাউণ্টেৰ সৈতে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তেও অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ পূৰ্বে ৭৫টা ঐতিহাসিক লাইটহাউছক পৰ্যটন

ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ ‘লাইটহাউছ ঐতিহ্য পৰ্যটন’ অভিযানৰ শুভাৰম্ভ কৰিছিল। ঐতিহাসিক লাইটহাউছ বোৰক পৰ্যটনস্থলীলৈ পৰিৱৰ্তন কৰিবলৈ পৰ্যাপ্ত সুবিধাৰে পুনৰ নিৰ্মাণ কৰি থকা হৈছে। দেশৰ ৭৫টা ঐতিহাসিক লাইটহাউছক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অভিযানৰ অংশ হৈছে এই উৎসৱৰ আয়োজন। এই পদক্ষেপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰতৰ বিশেষত্বপূৰ্ণ আৰু ঐতিহ্যমণ্ডিত লাইটহাউছসমূহক মনোমোহা পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাত সহায় কৰিব। এই পদক্ষেপৰ উদ্দেশ্য হৈছে এই সুন্দৰ গাঁথনিবোৰৰ সৈতে জড়িত সমৃদ্ধ

সংস্কৃতি, তাৎপৰ্য আৰু ইয়াৰ আকৰ্ষণ প্ৰদৰ্শন কৰা যাৰ দ্বাৰা ই পৰ্যটন আৰু স্থানীয় অৰ্থনীতিৰ সম্ভাৱনাও কঢ়িয়াই আনিব। এই প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, আমি কাইলৈৰ পৰা সমগ্ৰ দেশতে এই ঐতিহাসিক লাইটহাউছ উৎসৱ আৰম্ভ কৰাৰ লগে লগে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ বৃহৎ পৰিয়ালটোৰ বাবে এক অতি আনন্দৰ মুহূৰ্ত হিচাপে চিহ্নিত হৈ ৰ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমি ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যত দৃঢ়তাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ। নেভিগেশ্যনেল সম্পদৰ ভূমিকাৰ বাহিৰে লাইটহাউছ বোৰৰ পৰ্যটন আৰু ঐতিহ্যৰ প্ৰসাৰৰ সুযোগ -সম্ভাৱনাক দীৰ্ঘদিন ধৰি উপেক্ষা কৰি থকা হৈছিল। তাৰ

বিপৰীতে লাইটহাউছবোৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্যটনৰ দৃষ্টিকোণেৰে বিকশিত কৰা আৰু ইয়াৰ জৰিয়তে স্থানীয় পৰ্যটনৰ গতি ত্বৰান্বিত কৰি একে সময়তে দেশৰ বাবে উপাৰ্জন সৃষ্টি কৰাৰ মাধ্যম হিচাপে চিনাক্ত কৰিছিল। মন কি বাতৰ ৭৫তম খণ্ডত মোদীয়ে দেশবাসীৰ সন্মুখত এই দৃষ্টিভংগী প্ৰকাশ কৰিছিল আৰু আমি সুখী যে এই দূৰদৰ্শী ধাৰণাটো এতিয়া বাস্তৱত পৰিণত হ’বলৈ ধৰিছে।লাইটহাউছ উৎসৱত ইতিহাসবিদ, পুৰাতত্ত্ববিদ, সাংস্কৃতিক নৃতত্ত্ববিদ আৰু ইতিহাস, সংস্কৃতিৰ প্ৰতি আগ্ৰহী বহুতো লোকে বিভিন্ন আলোচনা তথা অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Leave A Reply

Your email address will not be published.