ashomiyapatrika.com

অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ

0 37

গুৱাহাটীঃ পশ্চিমবঙ্গৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ দৰে অসমৰ চাহ শ্ৰমিকসকলৰো দৈনিক মজুৰি বৃদ্ধি কৰিবলৈ দাবী জনাইছে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই৷ এক বাৰ্তাত দিলীপ কুমাৰ শৰ্মাই কয়,’বিজেপিয়ে বিগত সময়ছোৱাত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দি আহিছে। কিন্তু সময় অতিক্ৰম কৰাৰ লগে লগে সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে। অৰ্থাৎ চাহ শ্ৰমিকসকলক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছে বিজেপি দলে। কিন্তু তেওঁলোকৰ উন্নতিৰ কথা চিন্তা কৰিবলৈ সময় নাই তেওঁলোকৰ। ইয়াৰ বিপৰীতে পশ্চিমবংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ

চৰকাৰে চাহ শ্ৰমিকসকলৰ কথা চিন্তা কৰি আহিছে। পশ্চিমবংগ চৰকাৰে দৈনিক মজুৰি ১৮ টকাকৈ বৃদ্ধি কৰিছে। আনহাতে অসমত এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৩৫ টকা আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২১০ টকা। অসমৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনালো। যদি শীঘ্ৰে অসম চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নকৰে, তেন্তে অসম তৃণমূল কংগ্ৰেছে অহা অক্টোবৰ মাহৰ পৰা বাগিচাই বাগিচাই ঘূৰি চাহ শ্ৰমিকক লগত লৈ তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।’

Leave A Reply

Your email address will not be published.