ashomiyapatrika.com

বকোত শ্বহীদ বীৰাংগণা কনকলতা বৰুৱাৰ আত্মবলিদান দিৱস পালন

0 54

বকোঃ বৃটিছৰ শাসন কালত হোৱা ভাৰত ত্যাগ আন্দোলনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি দেশৰ হকে আত্মবলিদান দিয়া প্ৰথম অসমীয়া জীয়ৰী কনকলতা বৰুৱাৰ আজি স্মৃতি দিৱস। গহপুৰৰ এই বীৰংগণা গৰাকীৰ আত্মবলিদানৰ স্মৃতি সোঁৱৰণ কৰি আজি সমগ্ৰ অসমতে পালন কৰা হৈছে শ্বহীদ দিৱস। কামৰূপ জিলাৰ বকো সাহিত্য সভাৰ শতদল শাখায়ো আজি পালন কৰে কনকলতাৰ আত্মবলিদানৰ স্মৃতি দিৱস। উল্লেখ্য যে বকো সাহিত্য সভাৰ সভানেত্ৰী বিজয়া ডেকা আৰু সম্পাদক জনাৰ্দন বড়োৰ তৎপৰতাত বকো সাহিত্য সভা ভৱনত

পালন কৰা হয় আত্মবলিদান দিৱস। সহকাৰী সম্পাদক বিষ্ণু ৰাম দাসে আত ধৰা অনুস্থানত দেশৰ স্বাধীনতা আন্দোলনত বীৰংগণা গৰাকীৰ অংশগ্ৰহণ আৰু বীৰত্বৰে গহপুৰ থানাত ত্ৰিৰংগা পতাকা লৈ বৃটিছৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ বিষয়ে আলোকপাত কৰে। ইফালে বকো শিক্ষাখণ্ডৰ অন্তৰ্গত আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পৱিত্ৰ কৈৱৰ্ত্তৰ তৎপৰতাত বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী গোট আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগত পালন কৰে শ্বহীদ বীৰাংগণা দিৱস।

Leave A Reply

Your email address will not be published.