ashomiyapatrika.com

বিধায়ক ভৱেশ কলিতাৰ মাতৃৰ দেহাৱসানঃ অনুষ্ঠান- প্ৰতিষ্ঠানৰ তথা অগণন গুণমুগ্ধৰ শোক প্ৰকাশ

0 48

ৰঙিয়াঃ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মাতৃ যমুনাবালা ডেকাৰ বাৰ্ধক্যজনিত কাৰণত যোৱা নিশা দেহাৱসান ঘটে৷ তেখেতৰ মৃত্যুত বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৰাজ্যৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠান, তথা অগণন গুণমুগ্ধই। আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক কলিতাৰ মাতৃৰ দেহাৱসানত মুছলিম ৰাষ্ট্ৰীয় মঞ্চ,অসম প্ৰদেশৰ তৰফৰ পৰা, মুছলিম ৰাষ্ট্ৰীয় মঞ্চ অসম প্ৰদেশৰ মিডিয়া বিভাগ সংযোজক জাভেদ জামান আৰু ৰাজ্যিক সংযোজক আলকাছ হুছেইনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায় এক বিবৃতি প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.