ashomiyapatrika.com

গুৱাহাটীত প্ৰেছ ক্লাৱত শিলসাকোঁ পাৰৰ উচ্ছেদ প্রতিৰোধী ৰাইজৰ সংবাদ মেল

0 63

সৰ্বহাৰা উচ্ছেদিত লোকক লৈ কৰা বিভাজনৰ ৰাজনীতি বন্ধ কৰকঃ চৰকাৰে আমাক শীঘ্ৰে পুনৰ সংস্থাপন দিয়ক

গুৱাহাটীঃ শিলসাঁকো পাৰৰ উচ্ছেদ প্রতিৰোধী ৰাইজে আজি গুৱাহাটী প্ৰেছ ক্লাৱত শিলসাকোঁৰ উচ্ছেদিত ৰাইজক প্ৰদান কৰা আৰু ক্ষতিপূৰণ সম্পৰ্কত এখনি সাংবাদ মেল আয়োজন কৰে। আজিৰ সংবাদ মেল সম্বোধন কৰে উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেত্ৰী গায়ত্ৰী বৰি, নেইনা বেগম, জুলি ফুকন, ইন্দুমণি বৰা আৰু বিতুমণি দাস বেগমে। সংবাদমেল সম্বোধন কৰি উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেত্ৰী বৰ্গই কয় যে, শিলসাকোঁৰ পাৰত বসবাস কৰা থলুৱা লোকক অতি অমানৱীয় আৰু নৃশংস ভাৱে উচ্ছেদ কৰি চৰকাৰে এতিয়া ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰা বিষয়তো অত্যন্ত দুৰ্ভাগ্যজনক। চৰকাৰে ক্ষতিপূৰণৰ

ক্ষেত্ৰত কেৱল শেহতীয়াকৈ উচ্ছেদ কৰা পৰিয়াল সমূহক অতি নগন্য পৰিমাণৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে যোৱা ১৩ মে ২০২২ আৰু ২৭, ২৮ ফেব্ৰুৱাৰী, ১, ২ মাৰ্চ ২০২৩ তাৰিখে উচ্ছেদ কৰা এটা পৰিয়ালকো আজিলৈকে পুনৰ সংস্থাপন দিয়াটো দুৰৰে কথা ক্ষতিপূৰণৰ নামত ফুটা কড়ি এটাও নিদিলে। পূৰ্বে উচ্ছেদ কৰা পৰিয়াল সমূহে আজিও ক্ষতিপূৰণ আৰু সংস্থাপন পোৱাৰ আশাত হাহাকাৰ কৰি থাকিবলগীয়া হৈছে। চৰকাৰে পূৰ্বে উচ্ছেদ কৰা লোকসকলৰ ক্ষেত্ৰত চূড়ান্ত অন্যায় কৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনে অন্যায় আমি কোনো কাৰণতে মানি ল’ব নোৱাৰো বুলি সকীয়াই দিয়ে শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্রতিৰোধী

ৰাইজৰ নেত্ৰীবৰ্গই। আনফালে যোৱা কালি শিলসাঁকোৰ উচ্ছেদ সম্পৰ্কত অসম বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত দুৰ্যোগ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে টাটাৰ Ginger হোটেল, অমিয় কুমাৰ দাস ইনষ্টিটিউট, টেনিছ এছচিয়েচনকে ধৰি ১০ প্ৰতিষ্ঠানৰ মাটি চৰকাৰে ঘূৰাই লোৱা বুলি উল্লেখ কৰি অসম বিধানসভাৰ লগতে অসমবাসী ৰাইজক বিপথে পৰিচালিত কৰিছে। পূৰ্বেও উচ্ছেদৰ সময়ত অশোক সিংহলে শিলসাঁকোত চৰকাৰে অৱন্তন দিয়া ১৭ টা প্ৰতিষ্ঠানৰ মাটি ঘূৰাই লোৱাৰ তথ্য ৰাজহুৱা কৰিছিল যদিও নকৰিলে। বৰং বাৰম্বাৰ কেৱল থলুৱা লোকসকলৰ অমানৱীয় উচ্ছেদ নমাই আনি

শিলসাঁকো থলুৱামুক্ত কৰিবলৈ উঠি পৰি লগাহে পৰিলক্ষিত হ’ল। বিপৰীতে আজিও শিলসাঁকোৰ মূল নলাটোৰ মাজত পানী যোৱাত বাধা দি থকা টাটাৰ জিঞ্জাৰ, আই চি এম, হিম্মত সিংকাৰ আইদিয়ল হিলভিউকে ধৰি বৃহৎ বৃহৎ অট্টালিকাসমূহ চৰকাৰী উচ্ছেদ অভিযানে ঢুকি নাপালে। বনমুক্ত গুৱাহাটীৰ ভুৱা প্ৰচাৰ কৰি এফালে থলুৱা খিলঞ্জীয়া লোকক উচ্ছেদ আনফালে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৰাজপ্ৰসাদলৈ যোৱাৰ বাবে বোন্দাজান পুতি চৰকাৰী খৰছত পথ নিৰ্মান কৰি থকা হৈছে। ইয়াৰপৰা প্ৰমাণ হয় বানমুক্ত গুৱাহাটীৰ বাবে শিলসাঁকোত উচ্ছেদ কৰা হোৱা নাই মন্ত্ৰী অশোক সিংহল আৰু বহিৰাগত বণিয়াক ফ্লেট

বনাবলৈ সুবিধা কৰি দিবৰ কাৰণেহে শিলসাঁকো উচ্ছেদ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে গায়েত্ৰী বৰীয়ে। লগতে শিলসাঁকোত উচ্ছেদ কৰা প্ৰতিটো পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবী তুলি উচ্ছেদ প্রতিৰোধী ৰাইজৰ নেতা প্রিয় সিংহাই কয় যে যদিহে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই শ শ বিঘা চৰকাৰী মাটি ল’ব পাৰে তেতিয়াহলে শিলসাকোঁৰ পাৰত ৪০-৫০ বছৰ ধৰি স্থায়ীভাৱে বসবাস কৰা লোকক কি যুক্তিত একঠা মাটি দিব নোৱাৰে বুলি চৰকাৰক প্ৰশ্ন উত্থাপন কৰে নেতাগৰাকীয়ে।

Leave A Reply

Your email address will not be published.