অসম চৰকাৰৰ নিযুক্তি কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী ‘আপ’ৰঃ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান
গুৱাহাটীঃ আম আদমি পাটীৰ ভাতৃ সংগঠন আপ যুৱ শক্তিৰ সভাপতি ৰুদ্ৰাংকুৰ হাজৰিকাৰ নেতৃত্বত এটি ৰাজ্যিক প্রতিনিধি দলে আজি ৰাজভৱনত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াক সাক্ষাৎ কৰি অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনত ব্যাপক কেলেংকাৰীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দৃষ্টিগোচৰ হোৱাকৈ তদন্ত কৰিবলৈ দাবী জনায়। লগতে ক’ভিড যোদ্ধা সকলৰ আমৰণ অনশনৰ বিষয় সন্দৰ্ভত চৰকাৰৰ পৰা ন্যায় বিচৰাৰ লগতে ৰাজ্যখনৰ সকলো চৰকাৰী উদ্যোগ বন্ধ কৰি যেনেধৰণে নিৱনুৱা সমস্যাই গ্ৰাস কৰিছে তাৰ সমান্তৰালভাৱে মূল্যবৃদ্ধিৰ সমস্যা সমাধানৰ বিষয়েও তেখেতৰ লগত বিষদভাৱে আলোচনা কৰে। তাৰোপৰি
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰখনে কেনেদৰে বলপূর্বক ভাৱে সাধাৰণ ৰাইজক তেওঁলোকৰ নিজা বাসভূমিৰ পৰা উচ্ছেদ চলাই এক অৰাজক পৰিস্থিতিৰ মাজলৈ অসমখন লৈ গৈছে এই বিষয়েও এলানি গুৰুত্বপূৰ্ণ আলোচনা কৰি তেখেতৰ সম্পূৰ্ণ হস্তক্ষেপ বিচাৰি প্ৰয়োজনীয় সকলোখিনি আইনী ব্যৱস্থা গ্রহণ কৰিবলৈ আৰু অপৰাধীক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আপ যুৱ শক্তি তৰফৰ পৰা এখন স্মাৰক- পত্ৰ প্ৰদান কৰে। আপৰ প্ৰতিনিধি দলটোত নিশান্ত কাশ্যপ, তৃণা ৰাণী পাতৰ, মিতালী গগৈ আৰু মনিৰত্নম ডেকা উপস্থিত থাকে।