বকো ক্ৰীড়া সন্থাৰ বাৰ্ষিক ফুটবলত বৰীপাৰা চেম্পিয়নঃ খেল উদ্ধোধন ডাঃ কমলাকান্ত কলিতাৰ
বকোঃ কামৰূপ জিলাৰ বকো ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰয়াত মুক্তিযোদ্ধা ভূৱন চন্দ্ৰ দাস আৰু প্ৰয়াত সমাজ সেৱিকা প্ৰফুল্ল বালা দাস সোঁৱৰণী বাৰ্ষিক ফুটবলৰ আজি চূড়ান্ত খেল খন অনুষ্ঠিত হয়। ইফালে চূড়ান্ত খেল খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ খাদী আৰু গ্ৰামোউদ্যোগ বিভাগৰ অধ্যক্ষ তথা দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ কমলাকান্ত কলিতাই। চূড়ান্ত খেলত প্ৰতিদ্বন্দিতা কৰে বৰীপাৰা ফুটবল দল বনাম ভেহুৱা ফুটবল দলে। ইফালে বকো ক্ৰীড়া সন্থাৰ সভাপতি অৰ্জুন চেত্ৰী আৰু সম্পাদক সুমিত ৰাভাই জনোৱা মতে এই বেলি বকো ক্ৰীড়া সন্থাৰ উদ্যোগত ৩০ সংখ্যক বৰ্ষৰ বাবে খেল আয়োজন কৰা হৈছে। খেলৰ
বিজয়ী আৰু বিজেতা দলক বঁটাৰ দাতা পৰাণজ্যোতি দাসে মাননি আৰু ট্ৰফি প্ৰদান কৰে। ইফালে চূড়ান্ত খেলত বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ আদিত্য ৰাভাকে ধৰি কেৱাজনো কাৰ্য্যবাহী পাৰিষদ, পৰিষদৰ সাধাৰণ পাৰিষদ, শতাধিক ক্ৰীড়া সংগঠক, জিলা ক্ৰীড়া সন্থাৰ বিষয় ববীয়া সকল, দল সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে।