ashomiyapatrika.com

বিজেপিৰ সামাজিক মাধ্যম কোষৰ গুৱাহাটী মহানগৰ জিলাৰ শংখনাদ কৰ্মশালা

0 39

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টী, জিলা কাৰ্যালয়, অটল বিহাৰী বাজপেয়ী ভৱনত আজি শংখনাদ শীৰ্ষক এটি জিলা কৰ্মশালা অনুষ্ঠিত কৰা হয়। উক্ত সভাত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, জিলা সাধাৰণ সম্পাদক মানস প্ৰতীম দাস, উপ সভাপতি উৎপল দাস, ৰাজ্যিক মিডিয়া পেনেলিষ্ট ৰত্না সিং, গুৱাহাটী লোক সভাৰ সামাজিক মাধ্যমৰ প্ৰভাৰী শেখৰজ্যোতি বৈশ্য, জিলা প্ৰভাৰী শৈলেন কলিতা আৰু লগতে জিলা বিষয়ববীয়া, মণ্ডলৰ সামাজিক মাধ্যম কোষৰ বিষয়ববীয়া সকল। জিলা সাধাৰণ সম্পাদক মানস প্ৰতিম দাসে তেখেতৰ আদৰণী ভাষণত কয়, সামাজিক মাধ্যমত আৰু কিছু

নতুনত্বৰ প্ৰয়োজন। প্ৰতিগৰাকী কাৰ্য্যকৰ্তাক আগন্তুক দলীয় তথা চৰকাৰৰ উন্নয়নমূলক কাম-কাজ সমূহৰ ডিজিটেলি ৰাইজৰ মাজত প্ৰচাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা৷ যিহেতু বৰ্তমান যুৱক যুৱতীৰ সামাজিক মাধ্যমত অধিক সক্ৰিয় সেয়েহে ইয়াক আমি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰে। সাংসদ কুইন ওজায়ে তেখেতৰ ভাষন প্ৰসংগত উল্লেখ কৰি কয় যে, শংখনাদৰ অৰ্থ হ’ল ৰণ হুংকাৰ, মানে এতিয়া নৱ-প্ৰজন্ম‌ই টঙালি বান্ধিবৰ হল। দলীয় ছবিক যিয়ে বিকৃত সজাই ৰাইজৰ মাজত তুলি ধৰিবলৈ অপ-চেষ্ঠা চলাই আছে, তেখেত সকলক সামাজিক মাধ্যমৰ দ্বাৰা জনগণৰ ওচৰত মুখা খুলি দিয়াৰ সময়৷ লগতে এইটোও কয় যে দেশৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৯ বছৰৰ কাৰ্যকালত চৰকাৰৰ উপলব্ধি সমূহ বিৱৰণ কৰি প্ৰতিটো বুথত ৰাইজৰ মাজত সামাজিক মাধ্যমৰ জৰিয়তে লৈ যাব লাগে৷ নৰেন্দ্ৰ মোডীৰ নেতৃত্বতত অলপতে দেশৰ ৰাজধানীত অনুষ্ঠিত হোৱা জি২০ দেশৰ বাবে এক গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.