ashomiyapatrika.com

কংগ্ৰেছ চৰকাৰৰ ষাঠি বছৰীয়া অপশাসনকাল আৰু বিজেপি চৰকাৰৰ বিগত ৯ বছৰৰ সুশাসনকালৰ মাজত তুলনা কৰিলেই দেশৰ উন্নয়নৰ প্ৰতিচ্ছবিখন জলজল্-পটপট্ হৈ পৰেঃ সোণোৱাল

0 41

পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মিৰ্জাত ‘মহা জনসম্পৰ্ক অভিযান’ৰ অংশ হিচাপে আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল জনসভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটীঃ কংগ্ৰেছ চৰকাৰৰ ষাঠি বছৰীয়া অপশাসনকাল আৰু বিজেপি চৰকাৰৰ বিগত ৯ বছৰৰ শাসনকালৰ মাজত তুলনা কৰিলেই দেশৰ উন্নয়নৰ প্ৰতিচ্ছবিখন জলজল্-পটপট্ হৈ পৰে। কংগ্ৰেছে যিবোৰ উন্নয়নমূলক কাম ষাঠি বছৰতো কৰিব নোৱাৰিলে, মোদীৰ নেতৃত্বাধীন আমাৰ বিজেপি চৰকাৰে তেনে অনেক কাম মাত্ৰ ৯ বছৰতে কৰি দেখুৱাইছে। যোৱা ৯টা বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বাধীন বিজেপি চৰকাৰে সেৱা, সুশাসন আৰু সমৰ্পণেৰে দেশৰ সৰ্বস্তৰৰ লোকৰে হৃদয় জয় কৰিছে। আমাৰ চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহৰ ফলশ্ৰুতিত জনগণৰ আস্থা-বিশ্বাস আৰু সমৰ্থন বিজেপিৰ প্ৰতি সদায়েই বৃদ্ধি পাই আহিছে।’ –

পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মিৰ্জাত ‘মহা জনসম্পৰ্ক অভিযান’ৰ অংশ হিচাপে আজি আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল জনসভাত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে এই বক্তব্য আগবঢ়ায়। আজি ৰাইজৰ অকুণ্ঠ উৎসাহ-উদ্দীপনা আৰু ব্যাপক সঁহাৰি প্ৰত্যক্ষ কৰি তেখেত অভিভূত হৈ পৰে। ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সক্ৰিয় ভূমিকা পালনেৰে এখন আত্মনিৰ্ভৰ ভাৰত তথা অসম গঢ়াৰ দিশত ঐক্যবদ্ধভাৱে অৰিহণা যোগাবলৈ দলীয় কাৰ্যকৰ্তা তথা জনগণক সোণোৱালে আহ্বান জনায়। সৰ্বানন্দ সোণোৱালে কয়, ‘কংগ্ৰেছৰ নীতি আছিল শোষণ, লুণ্ঠন আৰু বিভাজন, যাৰ ফলত সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চল

যথেষ্ট পিছপৰি আছিল। উত্তৰ-পূৰ্বাঞ্চলক কংগ্ৰেছে যথেষ্ট অৱহেলা কৰাৰ লগতে যাতায়াত-যোগাযোগ বিচ্ছিন্নপ্ৰায় কৰি ৰাখিছিল। সমন্বয় সাধনতো ব্যাঘাত জন্মাই কংগ্ৰেছে কেৱল নিজৰ স্বাৰ্থসিদ্ধি পূৰণত আৰু এটা বিশেষ পৰিয়ালক সন্তুষ্টি কৰাতহে নিমগ্ন আছিল। দেশৰ উন্নয়ন আছিল তেওঁলোকৰ বাবে গৌণ কথা। তাৰ বিপৰীতে, নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত শাসনভাৰ লোৱাৰপৰাই সমগ্ৰ দেশত উন্নয়নৰ এক নৱজাগৰণৰ সৃষ্টি হৈছে। ২০৪৭ চন অৰ্থাৎ ভাৰতৰ স্বাধীনতাপ্ৰাপ্তিৰ ১০০ বছৰৰ ভিতৰত, চলিত এই অমৃতকালত মোদীয়ে দেশক আত্মনিৰ্ভৰ কৰাৰ সপোন ৰচিছে। সেই সপোন আজি বিভিন্ন ক্ষেত্ৰত বাস্তৱায়িত হ’বলৈ ধৰিছে। মোদীৰ দূৰদৃষ্টিৰ

ফলশ্ৰুতিতেই দেশবাসীৰ দীৰ্ঘদিনীয়া আশা-আকাংক্ষা বোৰ বাস্তৱায়িত হৈছে। শেহতীয়াকৈ ভাৰতে ইউ কে-ক পিছপেলাই বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি হিচাপে উজলি উঠিছে, যিটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। শেহতীয়াকৈ বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলেও মোদীক উষ্ম প্ৰশংসাৰে উপচাই দিয়াটো ভাৰতৰ বাবে এক আনন্দৰ বতৰা। মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হোৱাৰ ফলত যুৱপ্ৰজন্ম আৰু মহিলা, বয়োজ্যেষ্ঠ, উদ্যমী, কৃষকসকলৰ লগতে জনজাতীয় লোকসকলৰ সবলীকৰণ সম্ভৱপৰ হৈ উঠিছে। গ্ৰাম্য অৰ্থনীতিও এতিয়া ন-ৰূপত উজলি উঠিছে আৰু কৃষি তথা আনুষংগিক ক্ষেত্ৰসমূহৰ লগতে উদ্যোগীকৰণ,

তথ্য-প্ৰযুক্তি আদি দিশসমূহে যথেষ্ট গতিশীলতা লাভ কৰিছে। মোদীৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ বাবেই এই নতুন ভাৰতৰ নিৰ্মাণ সম্ভৱ হৈছে, য’ত প্ৰতিটো পৰিয়ালৰ জীৱন যাপনৰ মান উন্নত কৰাত সবাতোকৈ অগ্ৰাধিকাৰ দিয়া হৈছে। তেখেতে মূল্যবোধৰ আধাৰত ভাৰতৰ ৰূপান্তৰৰ অনিৰুদ্ধ যাত্ৰা গঢ় দিছে, যাৰ ফলত ভাৰত বিশ্বগুৰু হোৱাৰ দিশে ক্ষিপ্ৰতাৰে আগবাঢ়িছে।’ তদুপৰি সোণোৱালে কয়, ‘অহা বছৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। সেয়েহে চৰকাৰৰ কল্যাণকামী আঁচনি আৰু কাম-কাজসমূহৰ ব্যাপক প্ৰচাৰেৰে আৰু দলৰ সাংগঠনিক শক্তি বিস্তাৰিত কৰি কাৰ্যকৰ্তাসকলে অগ্ৰণী ভূমিকা ল’ব লাগিব। কাৰ্যকৰ্তাসকল হৈছে আমাৰ

চালিকাশক্তি। এই চালিকাশক্তিয়ে এতিয়াৰপৰাই নিৰ্বাচনৰ কথা লক্ষ্য ৰাখি প্ৰস্তুতি তুংগত কৰিব লাগিব। লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে যাতে অসমত পূৰ্বতকৈও অধিক আসন লাভ কৰিব পাৰে, তাৰ বাবে কাৰ্যকৰ্তাসকলে ৰণনীতি অনুযায়ী কঠোৰ পৰিশ্ৰম কৰিব লাগিব। জন সম্পৰ্ক অভিযানক শক্তিশালী ৰূপ দি জনতাৰ হৃদয়ত বিজেপিৰ স্থান নিগাজী কৰি ল’বলৈ কাৰ্যকৰ্তাসকলে সমৰ্পিত সেৱাৰে আগুৱাই যাব লাগিব। জন সম্পৰ্ক সুদৃঢ় হোৱা মানেই সমাজ আৰু দল শক্তিশালী হোৱা, সমাজ আৰু দল শক্তিশালী হোৱা মানেই ৰাষ্ট্ৰ শক্তিশালী হোৱা।’ ‘প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিগত ৯টা বছৰৰ যাত্ৰা হৈছে ভাৰতৰ

সংকল্পৰপৰা সিদ্ধিলৈ এক অভিনৱ যাত্ৰা। মোদীৰ সবল নেতৃত্বত সৰ্বাংগীণ উন্নয়নৰ এই জয়যাত্ৰা অব্যাহত ৰাখি আমাৰ বিজেপি চৰকাৰে দেশখনক উন্নয়নৰ আন এক নতুন শিখৰত উপনীত কৰিব বুলি বদ্ধপৰিকৰ। মোদীৰ সদিচ্ছা আৰু দূৰদৰ্শিতাৰ বাবেই অসম তথা উত্তৰ- পূৰ্বাঞ্চলে উন্নয়ন আৰু স্থায়ী শান্তিৰ নতুন ৰেঙণি দেখিবলৈ পাইছে। উত্তৰ-পূৰ্বাঞ্চল এতিয়া কেৱল এটা অঞ্চল নহয়, এয়া হৈছে নতুন ভাৰতৰ নতুন ইঞ্জিন। মোদীয়ে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, যিয়ে এতিয়ালৈকে ৫০ বাৰতকৈও অধিক উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ পাছতেই দিল্লী-দিছপুৰৰ দূৰত্ব হ্ৰাস কৰাত মোদীয়ে সৰ্বাধিক গুৰুত্ব

আৰোপ কৰিছে। সেয়েহে আমি উত্তৰ-পূববাসী তেখেতৰ ওচৰত চিৰকৃতজ্ঞ।”- সোণোৱালে লগতে উল্লেখ কৰে।জনসভাখনত লগতে উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহ-প্ৰভাৰী পৱন শৰ্মা, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, বিধায়কসকল- সিদ্ধাৰ্থ ভট্টাচাৰ্য, অতুল বৰা, হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্ৰিয়াৰ উপৰি দলীয় বিষয়ববীয়াসকল।

Leave A Reply

Your email address will not be published.