ashomiyapatrika.com

চৰকাৰলৈ সকিয়নিঃ প্ৰাপ্য আদায়ৰ দাবীত চচলত ৰন্ধন কৰ্মীৰ উত্তাল প্ৰতিবাদ

0 40

গুৱাহাটীঃ অসম চৰকাৰৰ ন্যূনতম মজুৰি আইন আধাৰত ৰন্ধন কৰ্মচাৰীৰ মাননি ১০ হাজাৰ টকালৈ বৃদ্ধি কৰা, মাননি নিয়মীয়াকৈ প্ৰদান কৰা আৰু মাননি প্ৰদানৰ খেলি-মেলি আঁতৰ কৰা, যিকনো কাৰণত কাম হেৰুৱালে ৰন্ধন কৰ্মীক ৩ লাখ টকা এককালীন সাহায্য প্ৰদান কৰা, মধ্যাহ্ন ভোজন আঁচনি (পি এম পোষণ) বে-চৰকাৰী কৰণৰ প্ৰচেষ্টা বাতিল কৰা, কৰ্মৰত অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হ’লে চিকিৎসা সাহায্য প্ৰদান কৰা আদিৰ দাবীত আজি চি আই টি ইউৰ অন্তৰ্ভূক্ত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে গুৱাহাটী চচলত বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যখনৰ ২৩ খন জিলাৰ পৰা অহা ৰন্ধন কৰ্মীসকলে ১৫ শ টকীয়া মাননিও সময়মতে দিব নোৱৰা

চৰকাৰ হায় হায়, মাননি ১০ হাজাৰ টকালৈ বৃদ্ধি কৰক, সকলো বকেয়া মাননি শীঘ্ৰে আদায় দিয়ক, মাননি নিয়মীয়াকৈ আদায় দিয়ক, কাম হেৰুৱা ৰন্ধন কৰ্মীক এককালীন ৩ লাখ টকা সাহায্য দিয়ক, বছৰটোৰ ১২ মাহৰ বাবেই মাননি দিয়ক আদি মুহূমূহু শ্লোগানেৰে বিক্ষোভ স্থলী প্ৰকৃতাৰ্থতেই উত্তাল কৰি তোলে। বিক্ষোভ কাৰ্যসূচীত সংগঠনৰ সভানেত্ৰী ভণিতা পাঠক ৰয়, কাৰ্যকৰী সভাপতি বিবেকানন্দ অধিকাৰী, চিআইটিইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই ভাষণত দুখীয়া ৰন্ধন কৰ্মী সকলৰ প্ৰতি চৰকাৰৰ অমানৱীয় আচৰণক তীব্ৰ সমালোচনা কৰে আৰু ভৱিষ্যতে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে। উল্লেখ্য যে ৰন্ধন কৰ্মীসকলৰ মাননি

মাহেকত মাত্ৰ ১৫০০ টকা, তাকো বছৰৰ দহমাহৰ বাবেহে। এই প্ৰচণ্ড মূল্যবৃদ্ধিৰ সময়ত এই মাননি অত্যন্ত সামান্য। এই নগন্য ধনেৰে এটা পৰিয়াল বাদেই এগৰাকী মানুহেই জীৱন নিৰ্বাহ কৰাটো অসম্ভৱ। চৰকাৰৰ ন্যূনতম মজুৰি আইন মতে ১০ হাজাৰ টকাৰ মাননি ৰন্ধন কৰ্মীক প্ৰদানৰ দাবীলৈ চৰকাৰে সঁহাৰি জনোৱা নাই। অত্যন্ত দুৰ্ভাগ্যৰ কথা যে এই সামান্য মাননি খিনিও নিয়মীয়াকৈ দিয়া নহয় আৰু ৭/৮ মাহলৈকে বাকী পৰি থাকে। এয়া চৰকাৰৰ ৰন্ধন কৰ্মীসকলৰ প্ৰতি অমানৱীয় আচৰণ। প্ৰাথমিক বিদ্যালয় সমূহৰ কিছুমানক পৰ্যায়ক্ৰমে একত্ৰিকৰণ কৰাৰ ফলত বহু ৰন্ধন কৰ্মীয়ে কাম হেৰুৱাবলগীয়া হৈছে। বিগত ২০০৫ চনৰ পৰা কাম কৰি

অহা বহু ৰন্ধন কৰ্মীয়ে ইয়াৰ ফলত শুদা হাতেৰে বিদায় লবলগীয়া হৈছে। বহুসময়ত কৰ্মৰত অৱস্থাত ৰন্ধন কৰ্মী বিভিন্ন ধৰণে দুৰ্ঘটনাত আঘাত প্ৰাপ্ত হ’লে উপযুক্ত চিকিৎসাৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হয়। চৰকাৰী আঁচনি ৰূপায়ণত কৰ্মৰত ৰন্ধন কৰ্মীয়ে চিকিৎসা সাহায্য পোৱা উচিত। আনহতে চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন এন জি ওৰ নামত অক্ষয় পাত্ৰ ফাউণ্ডেচন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ হস্তান্তৰৰ উদ্যোগ লৈছে। ইয়াৰ ফলত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী শিশুসকল সতেজ আৰু সদ্য প্ৰস্তুত আহাৰৰ পৰা বঞ্চিত হ’ব আৰু ৰন্ধন কৰ্মীসকলৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব। অত্যন্ত দুৰ্ভাগ্যজনক কথা যে আঁচনিখন ৰূপায়ণত দেখা দিয়া

সমস্যাসমূহ ট্ৰেড ইউনিয়ন পঞ্জীয়ন আইন মতে পঞ্জীয়নভূক্ত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ লগত আলোচনাৰ প্ৰয়োজনীয়তাৰ কথাও চৰকাৰে বিবেচনা কৰা নাই। আজিৰ কাৰ্যসূচীৰ মাজেৰে সংগঠনটোৱে অসমৰ শিক্ষামন্ত্ৰীয়লৈ এখন স্মাৰক পত্ৰ আৰক্ষী প্ৰশাসনৰ জৰিয়তে প্ৰেৰণ কৰে। স্মাৰক পত্ৰ প্ৰদান কৰি সংগঠনটোৱে জনায় যে যদিহে ৰন্ধন কৰ্মীসকলৰ উল্লেখিত সমস্যাবোৰ চলিত চেপ্তেম্বৰ মাহৰ ভিতৰত সমাধান নকৰে তেতিয়া হলে তৎপৰৱৰ্তী সময়ত আন্দোলন তীব্ৰতৰ কৰাৰ বাহিৰে অন্য পথ নাথাকিব বুলি সকিয়নি দিয়ে।

Leave A Reply

Your email address will not be published.