ashomiyapatrika.com

ভূমি পট্টাৰ নামত ভেকো ভাওঁনা চৰকাৰৰঃ মিছন বসুন্ধৰা ২.০ নহয় মিছা বসুন্ধৰা ২.০

0 52

গুৱাহাটীঃ চৰকাৰী মিছন বসুন্ধৰা ২.০ ভূমি পট্টা দিয়াৰ নামত আকৌ খিলঞ্জীয়া পৰিয়ালক প্ৰতাৰণা কৰিলে। ই এখন ভেকো ভাওঁনা চৰকাৰী নাটকৰ বাহিৰে অইন একো নহয়। এই অভিযোগ কৰিছে দুই দশকৰ অধিক দিন ধৰি এক মাত্ৰ ভূমি পট্টাৰ বাবে সংগ্ৰাম কৰি অহা ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসম আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্রাম সমিতিয়ে। ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্রবীণ জ্যোতি কলিতা, সম্পাদক প্রদীপ শৰ্মা আৰু গুৱাহাটী মাটি পট্টাৰণ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰনৱ গোস্বামীয়ে৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সাংবাদ মেল সম্বোধন কৰি কয় যে- জাতি, মাটি, ভেটিৰ কথা কৈ অহা চৰকাৰখনে যোৱা পৌৰ নিৰ্বাচনৰ

সময়ত চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছিল যে, সকলোকে ঘৰত গৈ গৈ ভূমি পট্টা দিব। ৰাইজে হিল- দল ভাঙি, বিজেপি চৰকাৰক ভোট দিছিলে। ৰাইজে আশা কৰিছিল এইবাৰ ভূমি পট্টা পাব। চৰকাৰী মাচুল দি টকা পইচা খৰচ কৰি অনলাইনৰ জৰিয়তে হাজাৰ হাজাৰ পৰিয়ালে আবেদন কৰিছিল। এতিয়া হে ৰাইজে জানিব পাৰিলে যে ড° হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ কোনো মূল্য নাই। ৰাইজক আড়ুয়া দি ভোট লোৱাৰ এটা কৌশলহে আছিল। এই মিছন ৰাইজৰ দখলত থকা মাটি পুজিপতিৰ ওচৰত বিক্ৰি কৰাৰহে ষড়যন্ত্ৰ ২০০- ৩০০ মাটিৰ ভেলুয়েচন বঢ়াই ৰাইজৰ পট্টনৰ আবেদন সমূহ বিভিন্ন অজুহাতত বাতিল কৰি পট্টাহীন সকলক উচ্ছেদহে


কৰিব বিচাৰিছে। আমি সংগঠন দুটাই আশা কৰি সকলো সংগ্ৰামৰ পৰা বহু দিন বিৰত আছিলো। এতিয়া আমি জানিব পাৰিলো পট্টাহীন পৰিয়াল সমূহক উচ্ছেদ কৰি সেই ঠাইসমূহত বৃহৎ পুঁজিপতি সকলক সংস্থাপন কৰাব বিচাৰিছে। চৰকাৰক এতিয়াও দাবী উত্থাপন কৰিছে বিভিন্ন উজুহাত দেখুৱাই মিচন বসুন্ধৰাত আবেদন কৰা ৰাইজৰ আবেদনসমূহৰ ভুল ক্ৰুতিবোৰ শুধৰাই ভূমি পাট্টনৰ প্ৰিমিয়াম হ্ৰাস কৰি সকলো খিলঞ্জীয়া পৰিয়ালক ভূমিৰ অধিকাৰ দিয়ক। অন্যথা চৰকাৰৰ বিৰুদ্ধে ৰাইজক লৈ বৃহ আন্দোলন গঢ়ি তুলি দিছপুৰৰ গাডীৰ পৰা আতৰ কৰা হ’ব। গুৱাহাটীৰ ৮৫ হাজৰ পৰিয়ালকে ধৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ৪০ লাখ পট্টাহীন পৰিয়ালে

আজিও ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। বৃহৎ পুঁজিপতিক হাজাৰ হাজাৰ বিঘা মাটি দিছে, বিজেপি দলৰ প্ৰতিটো জিলা কমিটিক মাটি নিছে, বিভিন্ন এন জি অ’ক ৰাতিটোৰ ভিতৰতে শ শ বিঘা মাটি চৰকাৰখনে দিছে। তাৰ বিপৰীতে দুই দশকৰো অধিক কাল ধৰি এক কঠা মাটিৰ অধিকাৰ বিচাৰি মানুহে মৃত্যুবৰণ কৰিবলগা হৈছে। আৰু বহু পৰিয়ালক জধে মধে উচ্ছেদ কৰিছে। আমি সংগঠন দুটাই চৰকাৰক এনে কাৰ্যক ধিকাৰ দিছো। এনে জন বিৰোধী নীতি বন্ধ কৰক৷ সকলো খিলঞ্জীয়া পৰিয়ালক বিনামূল্যই সহজ প্ৰক্ৰিয়াৰে ভূমি পট্টা দিয়ক। অন্যথা আগন্তুক নির্বাচন সমূহত ইয়াৰ ফল ভোগ কৰিব সাজু থাকক বুলি হুংকাৰ দিয়ে৷

Leave A Reply

Your email address will not be published.