ashomiyapatrika.com

চেবাৰ নিৰ্দেশনাঃ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা

0 59

গুৱাহাটীঃ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষাক লৈ নতুন নিৰ্দেশনা জাৰি কৰিছে ছেবা কৰ্তৃপক্ষই। চেবাৰ সচিব স্বাক্ষৰিত এক পত্ৰত জনোৱা অনুসৰি আগন্তুক ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অৱজেক্টিভ প্ৰশ্নত থাকিব মুঠ নম্বৰৰ ৫০ শতাংশ। প্ৰতিটো অৱজেক্টিভ টাইপ প্ৰশ্নত থাকিব ১ নম্বৰকৈ। প্ৰথম বাৰৰ বাবে প্ৰশিক্ষাৰ্থীয়ে অ’এমআৰ শ্বীটত পৰিক্ষাৰ উত্তৰ লিখিব লাগিব৷ বাকী ৫০ শতাংশ প্ৰশ্নৰ উত্তৰ পূৰ্বৰ দৰেই উত্তৰ

বহীত লিখিব লাগিব। এই প্রশ্নৰ উত্তৰৰ বাবে ১৬টা পৃষ্ঠাৰ উত্তৰবহী যোগান ধৰা হ’ব শিক্ষাৰ্থীক। ইংৰাজী, গণিত, সমাজ বিজ্ঞান, বিজ্ঞানৰ বাবে প্ৰযোজ্য হ’ব এই নিয়ম৷ উল্লেখ্য যে নতুন শিক্ষা নীতি প্ৰযোজ্য হোৱাৰ পিছত শিক্ষা নীতিৰ নিয়ম মতে মেট্ৰিক পৰীক্ষা উঠাই দিয়া হৈছিল। কিন্তু চেবাই ঘোষনা কৰা অনুসৰি ২০২৪ বৰ্ষত এই পৰীক্ষাটো মেট্ৰিক পৰীক্ষা নহয়, দশম শ্ৰেণীৰ পৰীক্ষা হিচাপে অনুষ্ঠিত কৰা হ’ব৷

Leave A Reply

Your email address will not be published.