ashomiyapatrika.com

ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ বুজ ললে বি এছ এফৰ এ ডি জি সোণালী মিশ্ৰই

0 38

গুৱাহাটীঃ সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ কলকাতাস্থিত পূব কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি ) সোণালী মিশ্ৰই বি এছ এফৰ পশ্চিম গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ আওতাত পৰা পশ্চিমবঙ্গৰ কোচবিহাৰত থকা ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ কেবাটাও সীমান্ত চকী আজি পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত সোণালী মিশ্ৰক আদৰণি বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক দীনেশ কুমাৰ যাদবে । আদৰণি পৰ্বৰ পাছত এ ডি জি সোণালী মিশ্ৰই মহা পৰিদৰ্শক দীনেশ কুমাৰ যাদৱকে ধৰি গুৱাহাটী ফ্ৰন্টিয়াৰৰ উচ্চপদস্থ বিষয়া সকলৰ সৈতে সভাগৃহত এখন পৰ্যালোচনা বৈঠকত

মিলিত হয়। বৈঠকত গুৱাহাটী ফ্ৰন্টিয়াৰৰ আওতাত পৰা ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ বিতং পৰ্যালোচনা কৰা হয়। বিশেষকৈ সীমান্তৰে কোনো লোক যাতে ভাৰতলৈ অনুপ্ৰৱেশ কৰিব নোৱাৰে তাৰ উপৰিও গৰুকে চোৰাংকৈ পশুধন , নিচাযুক্ত টেবলেট, নিষিদ্ধ সামগ্ৰী, জাল ভাৰতীয় টকা, আদি সৰবৰাহ হব নোৱাৰে তাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। উল্লেখ্য যে এ ডি জি সোণালী মিশ্ৰই ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ কেবাটাও সীমান্ত চকী পৰিদৰ্শন কৰি সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়। পৰিদৰ্শন কালত কৰ্তব্যৰত বিষয়া – জোৱান সকলৰ সৈতেও সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত মত – বিনিময় কৰে সোণালী মিশ্ৰই। ইয়াৰ উপৰিও সৈনিক সন্মিলনত তেঁও ভাগ লয়।

Leave A Reply

Your email address will not be published.