ashomiyapatrika.com

কম সময়ৰ ভিতৰতেই সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক শিক্ষকক নিয়মীয়াকৰণৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

0 47

গুৱাহাটীঃ ১৯৯১- ২০০১চনৰ ভিতৰত নিযুক্তিপ্ৰাপ্ত দৰমহা পোৱা ২৪০০ শিক্ষকৰ চাকৰি আজিকোপতি নিয়মীয়াকৰণ নহ’ল৷ চৰকাৰী বিষয়াৰ ভুলৰ বাবেই ২৪০০ শিক্ষক নিয়মীয়াকৰণৰ পৰা আজিও বাদ পৰি ৰ’ল৷ যোৱা ২০২১ ৰ ৩১ জানুৱাৰীত ৪৫১ৰ গৰাকী শিক্ষকক নিযুক্তি দিয়া হৈছে যদিও সেই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা ২৪০০ শিক্ষক বাদ পৰি ৰৈছিল৷ এই ২৪০০ শিক্ষকৰ ভিতৰত কোনোৱে যদি এমাহৰ দৰমহা লাভ কৰিছে, আন কোনেও আকৌ কেবামাহৰো দৰমহা লাভ কৰিছে৷ কিন্তু এতিয়া এই শিক্ষকসকলে দৰমহা লাভ কৰা নাই৷ চৰকাৰী বিষয়াৰ ভুলৰ বাবে এই শিক্ষকসকল পদে পদে বঞ্চিত হ’বলগীয়া হৈছে৷ আজি তেওঁলোকৰ চাকৰি


নিয়মীয়াকৰণৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক শিক্ষক সন্থাই বিধানসভা ভৱনত সাক্ষ্যৎ কৰে৷ এই সাক্ষাৎ অতিকে আনন্দমুখৰ আছিল৷ কিয়নো মুখ্যমন্ত্ৰীয়ে নিয়মীয়াকৰণৰ পৰা বাদ পৰি ৰোৱা ২৪০০ শিক্ষকক খুব কম সময়ৰ ভিতৰতেই নিয়মীয়াকৰণৰ আশ্বাস দিয়ে৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা মুহূৰ্তত সন্থাৰ তৰফৰ পৰা উপস্থিত আছিল সাধাৰণ সম্পাদিকা জানমণি দাস, সাধাৰণ সম্পাদক আব্দুল মজিদ আহমেদ, সহকাৰী সাধাৰণ সম্পাদক মোজ্জামিল হক, সন্থাৰ সদস্য ছান্দমহম্মদ আলি৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ওলাই আহি এওঁলোকে কয় যে আজিৰ সাক্ষাৎকাৰটো অতিকৈ আনন্দদায়ক আছিল৷ কিয়নো মুখ্যমন্ত্ৰীয়ে আজি আমাক খুব কম সময়ৰ ভিতৰতেই চাকৰি নিয়মীয়াকৰণৰ আশ্বাস দিছে৷

Leave A Reply

Your email address will not be published.