বকোতো অমৃত বৃক্ষ আন্দোলনৰ প্ৰস্তূতিৰে গছ পুলি সংগ্ৰহ বন বিষয়া ভাৰ্গৱ হাজৰিকাৰ
বকোঃ ৰাজ্য চৰকাৰে বিশ্ব অভিলেখ গঢ়িবলৈ অহা ১৭ চেপ্তেম্বৰত ১ কৌটি মুল্যবান গছ পুলি বিতৰণ আৰু ৰোপণ কৰিব। গছ পুলি বিতৰণ আৰু ৰোপনৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে অমৃত বৃক্ষ আন্দোলন শীৰ্ষক অভিলাষী আঁচনি। এই আচঁনিৰ লক্ষ্যৰে কামৰূপ জিলাৰ বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাৰ তৎপৰতাত পঞ্চায়ত ভিত্তিত বিতৰণ কৰিবলৈ সংগ্ৰহ কৰা হৈছে বহু হাজাৰ জোপা গছ পুলি। শিংৰা বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাই জনোৱা মতে পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ নীতি নিৰ্দেশনা অনুসাৰে সংমণ্ডলৰ শিংৰা আৰু বন্দাপাৰা ৰেঞ্জৰ এলেকাত বিতৰণ কৰা হ’ব গছ পুলি সমুহ। প্ৰকৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে ধাৰাৰ বুকুত গছ পুলি ৰোপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।