ashomiyapatrika.com

আকৌ পোহৰলৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ আন এক বৃহৎ ভূমি কেলেংকাৰীঃ মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীলৈ ১০ কোটি টকাৰ ৰাজসাহায্য

0 41

মুখ্যমন্ত্ৰীৰ পত্নীৰ বাবে আইন সুকীয়া নেকি বুলি প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটীঃ মুখ্যমন্ত্ৰী হৈ ৰাজ্যৰ জনসাধাৰণৰ বাবে কাম কৰাৰ পৰিৱৰ্তে নিজৰ পত্নী আৰু পৰিয়ালৰ হৈ কাম কৰিবলৈকে উঠি-পৰি লাগিছে ড° হিমন্ত বিশ্ব শৰ্মাই। জনসেৱাৰ পৰিৱৰ্তে নিজৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি কৰাটোৱেই হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া মূল লক্ষ্য হৈ পৰিছে। সেয়ে যোৱা দহ বছৰত যেনেকৈয়ে নহওক চলে-বলে, কৌশলে মুখ্যমন্ত্ৰী হোৱাটোৱেই হৈ পৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ সপোন। কূট-কৌশলৰ জৰিয়তে সেই সপোন বাস্তৱ কৰি লৈ এতিয়া সোৱে-বাৱে ধন ঘটাত নামি পৰিছে হিমন্ত বিশ্ব শৰ্মা নামৰ দল-বাগৰা আৰু ক্ষমতালোভী ৰাজনৈতিক নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ পত্নীৰ আন এক ভূমি কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে আজি এইদৰে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। এক বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহ আৰু উপাধ্যক্ষ বেদব্ৰত বৰাই কয় যে স্বাৱলম্বিতাৰ সপোন দেখা ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ ভৱিষ্যতৰ চিন্তাক একাষৰীয়াকৈ থৈ কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ১০ কোটি টকাৰ ৰাজসাহায্য লোৱাতো সমগ্ৰ অসমৰ বাবে অতিশয় দুৰ্ভাগ্যজনক ঘটনা। কংগ্ৰেছ নেতাদ্বয়ে কয় যে এই কাৰ্যৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে এটাই নহয় কেবাটাও অনিয়ম আৰু কেলেংকাৰীত লিপ্ত হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ পত্নীয়ে চিলিং আইন উলংঘা কৰাৰ লগতে

কোম্পানী আইন ভংগ কৰাৰো অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। মুখ্যমন্ত্ৰীগৰাকী একপ্ৰকাৰ ৰক্ষকেই ভক্ষকস্বৰূপ হৈ পৰিছে। আইনৰ দোহাই দি কষ্ট উপাৰ্জিত ধনেৰে মাটি কিনি ঘৰ নিৰ্মাণ কৰা লোকক আগদিনা জাননী দি পিছদিনা বুলডজাৰ চলোৱা মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীৰ ক্ষেত্ৰত সকলো আইন-কানুন ভৰিৰে মোহাৰি পেলাইছে। সেয়ে চিলিং আইন উলংঘা কৰি একে দিনতে, একেখন পথাৰত, একেটা প্লটতে, মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন কোম্পানীয়ে ৫০ বিঘা ২ কঠা ১৯ লোচা কৃষি ভূমি ক্ৰয় কৰা সত্বেও বিভাগীয় কোনো বিষয়াই ভুল ধৰিবলৈ সাহস কৰিব নোৱাৰিলে। চিলিঙ আইন অনুসৰি কোনো ব্যক্তি বা কোম্পানীয়ে

৪৯.৫ বিঘাতকৈ অধিক কৃষিভূমিৰ গৰাকী হ’ব নোৱাৰে৷ সেইবাবেই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে এই মাটি ক্ৰয় কৰাৰ পাছতেই মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হয়৷ কিন্তু মাত্ৰ ১০ মাহৰ ভিতৰতে কিদৰে অতি তাৎক্ষণিকভাৱে কৃষি ভূমিৰ শ্ৰেণী পৰিৱৰ্তন সম্ভৱ হ’ল বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছে। কংগ্ৰেছ নেতাদ্বয় নৰহ আৰু বৰাই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা কাৰ্যৰ উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈকো দাবী জনায়। ‘কোনজন উপায়ুক্ত আৰু ৰাজহ বিষয়াই এই প্ৰক্ৰিয়া সম্পন্ন কৰিলে সেয়া জনাৰ অধিকাৰ অসমৰ ৰাইজৰ আছে। কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তনত সম্পূৰ্ণৰূপে নীতি-নিয়ম পালন হৈছিল

নে নাই সেয়াও অসমৰ ৰাইজে জনা উচিত। ইয়াৰ পূৰ্বেও চাহ বাগিচাৰ ২৯ বিঘা ছিলিং ছাৰপ্লাছ মাটি মুখ্যমন্ত্ৰীৰ পত্নীয়ে নিজৰ নামত অনিয়মেৰে ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছিল। গতিকে এই সমগ্ৰ ঘটনাৰ আমি উচিত তদন্ত দাবী কৰিছো।’-নৰহ আৰু বৰাই বিবৃতিটো কয়। নেতাদ্বয়ে আৰু কয় যে মনোৰঞ্জনমূলক ক্ষেত্ৰত কাম কৰা কোম্পানী এটাই খাদ্য সংসাধন উদ্যোগ স্থাপনৰ অনুমতি লাভ কৰাটোও একপ্ৰকাৰ ৰহস্যজনক। কিয়নো খাদ্য সংসাধন মন্ত্ৰালয়ৰ ‘এগ্ৰো প্ৰচেচিঙ ক্লাষ্টাৰ’ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড হৈছে এটা

এণ্টাৰটেইনমেণ্ট কোম্পানী। তৎসত্বেও এই কোম্পানীটোৱে খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰিবলৈ সক্ষম হোৱাৰ আঁৰতো আৰু অনেক কেলেংকাৰি লুকাই আছে বুলিও প্ৰদেশ কংগ্ৰেছে সন্দেহ প্ৰকাশ কৰিছে। ‘অসমত আজি আইন দুখন। এখন আইন সাধাৰণ মানুহৰ বাবে। আনখন আইন মুখ্যমন্ত্ৰীৰ পত্নীৰ বাবে। মুখ্যমন্ত্ৰীৰ পত্নীৰ বাবে থকা আইনত নিয়ম বুলি একো নাই। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে যি কৰিবলৈ বিচাৰে সেয়াই আইন। বিজেপিয়ে ৰাইজক আজি এনে পৰিৱৰ্তনেই উপহাৰ দিছে। কিন্তু এখন গণতান্ত্ৰিক দেশত আইনৰ উৰ্ধত কোনো হ’ব নোৱাৰে। এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে নৰহ আৰু বৰাই৷

Leave A Reply

Your email address will not be published.