এক কৌটি গছপুলি ৰোপণৰে গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্বীকৃতিৰ বাবে খানাপাৰা খেলপথাৰত বন বিভাগৰ ব্যাপক তৎপৰতা
২২ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ সৰ্পিল আকৃতিত উপস্থাপন কৰা হৈছে ৪.৫০ লাখ গছপুলি
গুৱাহাটীঃ অসমক এখন সেউজ ৰাজ্যলৈ পৰিণত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত অসম চৰকাৰৰ বন বিভাগে অহা ১৭ ছেপ্টেম্বৰৰ পূৰ্বে ৰাজ্যজুৰি ৰাইজৰ সহযোগত এক কৌটি বাণিজ্যিক গছপুলি ৰোপণৰে গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্বীকৃতিৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। এই তৎপৰতাৰ অংশহিচাপে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত প্ৰায় ৪.৫০ লাখ গছপুলি মজুত কৰা হৈছে। প্ৰথমবাৰৰ বাবে খেলপথাৰত ২২.২২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ স্পাইৰেল বা সৰ্পিল আকৃতিৰে তৈয়াৰ কৰা স্থানত গছপুলি সমুহ সুন্দৰকৈ মজুত কৰা হৈছে। বন বিভাগৰ উচ্চস্তৰীয় সূত্ৰই
সদৰি কৰা অনুসৰি আৰ্থিক দিশত লাভবান হব পৰা বাণিজ্যিক আৰু ওঘধি গুণ সম্পন্ন প্ৰায় ৪.৫০ লাখ বিভিন্ন প্ৰজাতিৰ গছপুলি শুকুৰবাৰে বিয়লিৰ ভিতৰত মজুত কৰা কামখিনী শেষ কৰা হৈছে। ৩ ছেপ্তেম্বৰত আৰম্ভ কৰা এই মজুতকৰণ কাৰ্য আৰম্ভ কৰা হৈছিল। পূৰ্বতে মাত্ৰ ছয়টা দিনৰ ভিতৰত ইমান সংখ্যক গছপুলি এটা স্থানত একেলগে মজুত কৰাৰ ৰেকৰ্ড নাছিল। গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভৰ বাবে ৰোপণ কৰিবলগীয়া গছপুলি সমূহৰ ভিতৰত আছে – অগৰু বা সাঁচিগছ, শিলিখা, মেহগণি, শিশু, ভোমোৰা, বগীপমা আদি। এই গছপুলি সমূহ ৰাইজৰ মাজত বিতৰণ কৰাৰ বাবে খানাপাৰা খেলপথাৰত ৪০ টা কাউণ্টাৰ স্থাপন কৰা
হৈছে। ১০ ছেপ্তেম্বৰত মাত্ৰ আঠ ঘণ্টাৰ ভিতৰত গছপুলিখিনী বিতৰণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। সিদিনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গছপুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। ইফালে ৯ ছেপ্টেম্বৰতো মুখ্যমন্ত্ৰী ড° শৰ্মাই দিনৰ ১১ বজাত খানাপাৰাত উপস্থিত হৈ স্পাইৰেল বা সৰ্পিল আকৃতিত উপস্থাপন কৰা গছপুলি সমুহ পৰিদৰ্শন কৰাৰ কথা। তেনেদৰে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ দৰে গছপুলি বিতৰণ আৰু ৰোপণ কাৰ্যৰে গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিব পাৰি তাৰবাবে আজি বিয়লি অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে খানাপাৰা খেলপথাৰ পৰিদৰ্শন কৰে৷ পৰিদৰ্শন কালত মন্ত্ৰী
গৰাকীক সংগ দিয়ে বন বিভাগৰ অতিৰিক্ত মুখ্য বন সংৰক্ষক পি বিজয়গৰ , মধ্য অসম চক্ৰৰ মুখ্য বন সংৰক্ষক ড° মুথুকুমাৰ ভেলু, বন সংৰক্ষক ড° ৰমেশ চি, পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী শইকীয়াকে ধৰি কেবাজনো বিষয়াই। মন্ত্ৰী পাটোৱাৰীয়ে পৰিদৰ্শন কালত গছপুলি সমূহ ঠিকে আছে নে নাই তাক স্বচক্ষে চোৱাৰ লগতে বন বিষয়া সকলক এক কৌটি বাণিজ্যিক গছপুলি ৰোপণ অভিযান যাতে সফল হয় তাৰ বাবে নিজকে আত্মনিয়োগ কৰিবলৈ সকলো পৰ্যায়ৰ বন বিষয়া, বনকৰ্মীক আহ্বান জনায়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে এক কৌটি বাণিজ্যিক গছপুলি ৰোপণ অভিযানত
ভাগ লৈ এগৰাকী সেউজ সেনানী হবলৈ ৰাজ্যবাসীক আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪৭.৩৯ লাখৰো অধিক লোকে নিৰ্দিষ্ট পৰ্টেলত নাম পঞ্জীয়ন কৰিছিল। এক কোটি গছপুলি ৰোপণ অভিযানটোৱে কেবাটাও দিশত গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্বীকৃতি লাভ কৰিব বুলি আশা কৰা হৈছে। জানিব পৰা মতে খানাপাৰা খেলপথাৰত অনুষ্ঠিত হবলগীয়া অনুষ্ঠানটো যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে পুব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী শইকীয়াৰ নেতৃত্বত এটা বিশাল বনকৰ্মীৰ দলে খেলপথাৰত বাহৰ পাতি আছে।