বকোৰ হাহিম হাইস্কুলত পঞ্চায়ত পৰ্য্যায়ৰ শৈক্ষিক সভা সমাপনঃ চৰকাৰী বিদ্যালয়ৰ উন্নয়নত গুৰুত্ব
বকোঃ অসম – মেঘালয় সীমান্তৰ অতি পিচপৰা অঞ্চল কামৰূপ জিলাৰ হাহিম। এই হাহিম অঞ্চলৰ গাৰো বসতি প্ৰধান গাওঁৰ চৰকাৰী বিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বাতাবৰণ আৰু গুণগত মানৰ শিক্ষাৰ উন্নতিকৰণৰ ওপৰত আলোকপাত কৰিবলৈ হাহিম হাইস্কুলত আয়োজন কৰা হয় এক সজাগতা সভা। উল্লেখ্য যে বকো উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৭০ নং দক্ষিণ পুৱ লুকী গাওঁ পঞ্চায়তৰ এলেকাৰ অসম – মেঘালয় সীমান্তবৰ্তী গাওঁৰ গাৰো মাধ্যমৰ চৰকাৰী বিদ্যালয় সমূহত শৈক্ষিক পৰিবেশ উন্নত মানৰ কৰি তুলিবলৈ ল’ব লগা বিধি ব্যৱস্থাৰ ওপৰত আলোচনা কৰিবলৈ আয়োজন কৰা হয় সজাগতা সভা খন। গাৰো ছাত্ৰ সন্থাৰ কামৰূপ জিলা
সমিতিৰ বিষয় ববীয়া আৰু ছাত্ৰ ছাত্ৰী সকলোৰ অভিভাৱক অভিভাৱিকাৰ সহযোগত হাহিম হাইস্কুলৰ শিক্ষক শিৱৰাম চেত্ৰী আৰু বিষয় শিক্ষক নিশিকান্ত দাসৰ তৎপৰতাত আয়োজন কৰা সজাগতা সভাত পৌৰহিত্য কৰে হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি হিলাৰী চাংমাই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বকো উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া গংগোয়েত্ৰী নেওগ। ইফালে ৭০ নং দক্ষিণ পুৱ লুকী গাওঁ পঞ্চায়তৰ সভাপতি জিতুমণি ৰাভাই এলেকাটোৰ ভৌগোলিক পৰিবেশ, বাট পথ, ৰাস্তা ঘাট দলং, খোৱা পানীৰ অৱস্থা, বিজুলী বাতি, অন্যান্য চৰকাৰী সা সুবিধা আদিৰ ওপৰত আলোকপাত কৰি সমস্যা সমুহৰ সমাধানৰ ওপৰত
চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। খণ্ড উন্নয়ণ বিষয়া গৰাকীয়ে ইয়াৰ সাধ্য অনুসৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। সভা খনত কেৱাখনো গাৰো মাধ্যমৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকা আৰু সাধাৰণ ৰাইজৰ বহু লোকে অংশগ্ৰহণ কৰে।