ashomiyapatrika.com

ৰাভা জাতীয় যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ দ্বি – বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বকোত উদযাপনঃ ৰাভা জনগোষ্ঠীৰ সামগ্ৰীক বিকাশৰ লক্ষ্য

0 52

বকোঃ ৰাভা জনগোষ্ঠীৰ জাতীয় উত্তোৰণৰ লক্ষ্যৰে আত্মপ্ৰকাশ কৰা জাতীয় সংগঠন ৰাভা জাতীয় যুৱ পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ দ্বি – বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত চুকুণীয়াপাৰাৰ মা মনসা মন্দিৰ চৌহদত আজি দিনযোৰা কাৰ্য্যসুচীৰে আয়োজন কৰা হয়। উল্লেখ্য যে সংগঠনটোৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু কুলুং আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী। ৰাভা জাতীয় যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰত্নেশ্বৰ ৰাভা আৰু সাধাৰণ সম্পাদক প্ৰফুল্ল ৰংখ, কামৰূপ জিলা সমিতিৰ সভাপতি ভোগলাল

ৰাভা আৰু সম্পাদক দীপেন ৰাভাই জনোৱা মতে ৰাভা জাতীয় উত্তোৰণত ৰাভা জাতীয় যুৱ পৰিষদৰ কৰণীয় মুল বিষয়ৰ ওপৰত আলোকপাত কৰিবলৈ আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী। ইফালে সংগঠনটোৰ কুলুং আঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জন ৰাভা আৰু সম্পাদক পুৰনেন্দু ৰাভাই জনোৱা মতে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী অনুসৰি পুৱা সভাপতিৰ জৰিয়তে পতাকা উত্তোলন, দুধনৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভাই স্মৃতি তৰ্পণ, ধোপগুৰি লাটৰ গাওঁ প্ৰধান হেৰম্ব ৰাভাৰ দ্বাৰা গছ পুলি ৰোপন। ইয়াৰ পিছতে সভাপতিৰ সঞ্চলনাত ‘ৰাভা জাতীয় উত্তোৰণত ৰাভা জাতীয় যুৱ পৰিষদৰ কৰণীয়’ শীৰ্ষক আলোচনাচক্ৰ

অনুষ্ঠিত হয়। ৰাভা জাতীয় যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা কুশধ্বজ ৰংখই উদ্ধোধন কৰা আলোচনাচক্ৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ একালৰ ঘনিষ্ঠ সতীৰ্থ কান্তেশ্বৰ ৰাভাই বিশিষ্ট অতিথি হিচাপে যোগদান কৰে। অনুস্থানত সমল ব্যক্তি হিচাবে সহযোগ আগবঢ়াই নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ প্ৰাক্তন সভাপতি পদ্ম কুমাৰ ৰাভা, ৰাভা সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ প্ৰাক্তন সভাপতি সত্যজিৎ ৰাভা, কামৰূপ জিলা ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ্য সমাজ কৰ্মী উমাকান্ত ৰাভাকে ধৰি বহু সংখ্যক জাতীয় কৰ্মী। ইফালে সংগঠনটোৰ প্ৰতিষ্ঠা

দিৱসৰ কাৰ্য্যসূচীত ৰাভা জাতীয় যুৱ পৰিষদে ৰাভা জনগোষ্ঠীৰ ঐক্য, সংহতি, সমন্বয় আৰু একাগ্ৰতাৰে শৈক্ষিক, অৰ্থনৈতিক আৰু সামগ্ৰীক বিকাশৰ লক্ষ্যৰে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে। অনুস্থানত কামৰূপ আৰু গোৱালপাৰা জিলাৰ বহু জ্যেষ্ঠ তথা যুৱ নেতৃত্ববৃন্দই অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.