শিলসাঁকোৰ উচ্ছেদ কাৰ্যত নিয়োজিত মহিলা কনিষ্টবলৰ আত্মহত্যাৰ সন্দেহঃ শিলসাঁকোত কনিষ্টবল গৰাকীক নিয়োগ কৰা হোৱা নাছিল – মহানগৰ আৰক্ষী
শৰাইঘাট দলঙত সন্ধানহীন মহিলা কনিষ্টবলৰ ম’বাইল, চেণ্ডেল, চচমা উদ্ধাৰ
গুৱাহাটীঃ শিলসাঁকোৰ উচ্ছেদ কাৰ্যত নিয়োজিত মহানগৰীৰ পল্টন বজাৰ থানাৰ এগৰাকী মহিলা আৰক্ষী নিখোজৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহিলাগৰাকী আত্মহত্যা কৰা ঘটনাই আৰক্ষীৰ ভিতৰ মহলাত জোকাৰণিৰ সৃষ্টি কৰিছে৷ যদিও মহিলা কনিষ্টবল গৰাকী শিলসাঁকোৰ উচ্ছেদ কাৰ্যত নিয়োজিত বুলি প্ৰচাৰ চলাই আছে যদিও আৰক্ষীয়ে নিয়োগ কৰা হোৱা নাছিল বুলি স্পষ্ট কৰি দিয়ে৷ জানিব পৰামতে সন্ধানহীন কনিষ্টবলগৰাকীৰ নাম গায়ত্ৰী হাজৰিকা। নগাঁৱৰ বঢ়মপুৰত ঘৰ গায়ত্ৰীৰ। উল্লেখ্য যে সন্ধানহীন কনিষ্টবল গায়ত্ৰীৰ ম’বাইল, চেণ্ডেলকে ধৰি বহু সামগ্ৰী শৰাইঘাট দলঙত উদ্ধাৰ হৈছে। সামগ্ৰী খিনি উদ্ধাৰ হোৱাক চাই
মহিলা আৰক্ষী কনিষ্টবল গায়ত্ৰীয়ে ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহননৰ দৰে চৰম পথ বাছি লোৱা বুলি সন্দেহ কৰা হৈছে। তদুপৰি এক দীঘলীয়া ছুইচাইড নোট উদ্ধাৰ হোৱা বুলি একাংশ লোকে দাবী কৰিছে। জানিব পৰা মতে, শিলসাঁকো উচ্ছেদত কৰ্মৰত হৈ আছিল মহিলা আৰক্ষী কনিষ্টবল গায়ত্ৰী হাজৰিকা। আৰক্ষী কনিষ্টবলগৰাকীয়ে শিলসাঁকোত কৰ্তব্য নকৰোঁ বুলি বাৰে বাৰে আৰক্ষীৰ শীৰ্ষ বিষয়াক জনাইছিল। তাৰ পিছতো গায়ত্ৰীৰ কথাক গুৰুত্ব নিদি শীৰ্ষ বিষয়াই শিলসাঁকোত নিয়োজিত কৰিছিল গায়ত্ৰীক। সমগ্ৰ বিষয়টো গাপ দি ৰখাৰ চেষ্টা চলাইছিল মহানগৰ আৰক্ষীয়ে। বৰ্তমান সন্ধানহীন কনিষ্টবল গৰাকীক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষী
প্ৰশাসনে। উল্লেখ্য যে কনিষ্টবলগৰাকী দীৰ্ঘদিন ধৰি জণ্ডিছ ৰোগত আক্ৰান্ত হৈ আছিল। এই বাতৰি প্ৰকাশ পোৱাৰ পিছতেই অসম আৰক্ষীযে এক প্ৰেছ বিবৃত্তিযোগে যোগে মহিলা কনিষ্টবলগৰাকীৰ ছুইচাইড নোট উদ্ধাৰ হোৱা নাই বুলি দাবী কৰাৰ লগতে তেওঁক শিলসাঁকোত নিয়োজিত কৰা হোৱা নাছিল। মহানগৰ আৰক্ষীয়ে জনোৱা মতে মঙলবাৰে পুৱাই পল্টনবজাৰ থানাৰ মহিলা কনিষ্টবল গায়ত্ৰী হাজৰিকা নিখোঁজ হৈ থকাৰ বাতৰি প্ৰকাশৰ পিচতে শৰাইঘাট দলঙৰ পাৰত উদ্ধাৰ হৈছে গায়ত্ৰীৰ ম’বাইল ফোন, চেণ্ডেল, চশমাকে ধৰি আৰু বহুকেইপদ সামগ্ৰী । লগতে বাতৰিত প্ৰকাশ কৰা হৈছিল যে, শিলসাঁকোৰ উচ্ছেদত কৰ্মৰত হৈ আছিল মহিলা
আৰক্ষী কনিষ্টবলগৰাকী৷ শিলসাঁকোত কৰ্তব্য নকৰো বুলি বাৰম্বাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াক গায়ত্ৰীয়ে জনোৱাৰ পিচতো গায়ত্ৰীৰ কথাক কোনো গুৰুত্ব নিদি আৰক্ষীৰ শীৰ্ষ বিষয়াই শিলসাঁকোৰ উচ্ছেদত নিয়োজিত কৰিছিল তেওঁক । ইয়াৰে পিচতে আৰক্ষী কনিষ্টবল গায়ত্ৰী হাজৰিকাই ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল একাংশ লোকে ৷ আনকি এই ঘটনাক আৰক্ষীয়ে গাপ দিবলৈ চেষ্টা কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷ইয়াৰ পিচতে মহানগৰ আৰক্ষীয়ে এক প্ৰেছ বিবৃত্তিযোগে সদৰী কৰে যে, গায়ত্ৰী হাজৰিকাৰ কোনো ছুইচাইড নোট আৰক্ষীয়ে উদ্ধাৰ কৰা নাই ৷ যোৱা ৪ ছেপ্টেম্বৰৰ সন্ধিয়া পৰা নিৰুদ্দেশ হৈ
আছিল গায়ত্ৰী হাজৰিকা। এই কথা গায়ত্ৰী হাজৰিকাৰ ৰূমমেট কনিষ্টবল জুৰি বৈশ্যই পল্টন বজাৰ আৰক্ষী থানাত সোমবাৰে নিশা প্ৰায় ১১:৪৫ বজাত জনাইছিল। ইয়াৰ পিচতে আৰক্ষীয়ে তেওঁৰ সন্ধান অব্যাহত ৰাখিছিল। তেনে সময়তে মঙলবাৰে পুৱা ৮ বজাত পুৰণি শৰাইঘাট দলঙত গায়ত্ৰী হাজৰিকাৰ চেণ্ডেল, ম’বাইল, চশমা উদ্ধাৰ কৰা হৈছিল । সম্প্ৰতিও সন্ধানহীন হৈ আছে গায়ত্ৰী হাজৰিকা ৷উল্লেখ্য যে, নগাঁও জিলাৰ বঢ়মপুৰৰ গায়ত্ৰী হাজৰিকাই ২০০৮ চনত অসম আৰক্ষীত যোগদান কৰিছিল। ২০১৫ মহানগৰ আৰক্ষী আয়ুক্তালয়ত যোগদান কৰিছিল গায়ত্ৰীয়ে। ২০২০ চনৰ পৰা পল্টনবজাৰ আৰক্ষী থানাত কৰ্মৰত হৈ আছিল গায়ত্ৰী
হাজৰিকা। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে ১৪ জুলাইৰ পৰা চুটিত আছিল যদিও ২০ আগষ্টত পুনৰ চাকৰিত যোগদান কৰিছিল গায়ত্ৰীয়ে । তেওঁক শিলসাকোৰ উচ্ছেদত নিয়োজিত কৰা হোৱা নাছিল বুলি উল্লেখ কৰি অসম আৰক্ষীযে এক প্ৰেছ বিঞ্জুপ্তি যোগে কয় যে পল্টনবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনে অসুস্থ গায়ত্ৰী হাজৰিকাক কোনো কামতেই নিয়োগ কৰা নাছিল।