ashomiyapatrika.com

মহানগৰবাসীক সুচল যাতায়ত ব্যৱস্থা প্ৰদান কৰিবলৈ মানৱ অধিকাৰ আয়োগত গোচৰ আম আদমি পাৰ্টীৰ

0 53

গুৱাহাটীৰ পথ, উপ-পথ খান্দি মৰণফান্দ সৃষ্টি কৰিছে চৰকাৰে

গুৱাহাটীঃ মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে পাইপ বহুওৱাৰ নামত বিভিন্ন পথ, উপ-পথত জাইকাই চলোৱা খননকার্য দীৰ্ঘদিন ধৰি উন্মুক্ত কৰি ৰখাৰ ফলত দিনক দিনে মহানগৰীত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। মহানগৰ জিলা উপায়ুক্তকে ধৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত দায়ত্বজ্ঞানহীনতাৰ লগতে ঠিকাদাৰৰ নিম্নমানৰ কাম আৰু নীতি-নির্দেশনা উলংঘাৰে জধে-মধে পথবোৰ খান্দি বেৰিকেড নিদিয়াকৈ বিপদসংকুল ভাৱে উন্মুক্ত কৰি ৰখাৰ ফলত এতিয়ালৈকে অকালতে বহুলোকে প্ৰাণ হেৰুওৱাৰ লগতে বহুকেইগৰাকী লোক চিৰ জীৱনলৈ ঘূনীয়া হ’বলগীয়া হৈছে। তাৰোপৰি মহানগৰীৰ পাশ্বৱৰ্তী নাৰেংগী-চন্দ্ৰপুৰ

পথটো গেইল কৰ্তৃপক্ষই ঘৰে ঘৰে গেছ বিতৰণ আঁচনিৰ অধীনত বিগত কেইবা মাহৰ পৰা পথৰ দাঁতিৰে বৃহৎ বৃহৎ গাঁত খান্দি পাইপ পেলাই থোৱাৰ পৰিপ্ৰেক্ষিতত ভয়ংকৰ দূৰ্ঘটনাপ্রৱণ পথ হিচাপে চিহ্নিত হৈছে। এই সন্দৰ্ভত আম আদমি পাৰ্টীয়ে ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাৰ নেতৃত্বত এটা সজাতি দলে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগক এটা গোচৰ দি সংবাদ মাধ্যমৰ আগত কয় যে ‘গুৱাহাটীত এতিয়া পদে পদে নির্যাতিত, আতিশয্যৰ চিকাৰ হৈছে সাধাৰণ জনতা’। চৰকাৰী বিভাগসমূহৰ গাফিলতিৰ বাবে এতিয়া বিপদাপন্ন হৈছে সাধাৰণ জনতা। আপুনি মই বাহনখন চলাই গ’লে হেলমেট নিপিন্ধিলে, চিট বেল্ট নামাৰিলে জৰিমনা বিহে, কিন্তু

পানীৰ পাইপ পোতাৰ নামত, বিদ্যুতৰ তাঁৰ পোতাৰ নামত যে গোটেই গুৱাহাটীখন খান্দি থৈছে, সেইসকলক কোনেও জৰিমনা নিবিহে। চৰকাৰ, প্ৰশাসনে পথ সুৰক্ষাৰ কথা কয়। জালুকবাৰীৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পথ সুৰক্ষা সমিতিৰ কথা কোৱা হৈছিল, কিন্তু সেইসকলে আকৌ পথ সুৰক্ষা নকৰে। পথত চলাচল কৰাসকলৰ মুখত পাইপ ভৰাইহে পথৰ সুৰক্ষা নিশ্চিত কৰে। সুৰাপান কৰি বাহন চলোৱাটো বেআইনী, কিন্তু পথ খান্দি, এছোৱা পথ বন্ধ কৰি যাতায়ত বিপদজনক কৰি থোৱা বিভাগীয় অভিযন্তা, ঠিকাদাৰসকলৰ বিৰুদ্ধে গোচৰ লোৱা নহয় কিয়? এই মৰণফান্দসমূহ সংশ্লিষ্ট পক্ষৰ চকুত নপৰাটো আশ্চর্যজনক নহয় নে?’ আম আদমি পাৰ্টীয়ে মহানগৰীত

নীতি-নির্দেশনা উলংঘাৰে চলি থকা পথ খনন কাৰ্য শীঘ্ৰে বন্ধ কৰি সুচল যাতায়ত ব্যৱস্থা মহানগৰবাসীক প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে। লগতে নির্দেশনা উলংঘাৰে পথ খনন কৰা ঠিকাদাৰী প্ৰতিষ্ঠানৰ উপৰিও সংশ্লিষ্ট বিভাগ সমূহৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি আম আদমি পাৰ্টীয়ে মানৱ অধিকাৰ আয়োগত গোচৰ তৰে।

Leave A Reply

Your email address will not be published.