ashomiyapatrika.com

মুখ্যমন্ত্ৰীয়ে দিল্লী আৰু পাঞ্জাৱ চৰকাৰৰ শক্তি বিভাগক অনুকৰণ কৰা উচিতঃ ডাঃ ভবেন চৌধুৰী

0 36

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শক্তি বিভাগটো প্রায় শক্তিহীন হৈ পৰিছেঃ আপ

গুৱাহাটীঃ ২৪ ঘন্টাই বিদ্যুতৰ যোগান নিয়মীয়া কৰিম বুলি নিৰ্বাচনী প্রতিশ্রুতি দি শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত ৰাজ্যত সঘনাই লোডশ্বেডিঙৰ সমস্যাত বর্তমান অতিষ্ঠ হৈ পৰিছে ৰাজ্যবাসী। প্রায় ২০/২৫ মিনিটৰ অন্তৰে অন্তৰে বিদ্যুৎ কৰ্তন কৰি উপভোক্তাক এক প্ৰকাৰ আতিশয্য চলাইছে নিজ কর্তব্য পালনত ব্যর্থ শক্তি বিভাগটোৱে। হিমন্ত বিশ্ব শৰ্মা শক্তি বিভাগ যেন এতিয়া শক্তিহীন। এই অভিযোগ আম আদমি পাৰ্টীৰ। দলটোৱে অভিযোগ উত্থাপন কৰে যে বিদ্যুৎ যোগান নিয়মীয়া কৰিব নোৱাৰা এপিডিচিএলে বিদ্যুতৰ মাছুল দুই তিনিগুন পৰ্য্যন্ত ঠিকেই বৃদ্ধি কৰিলে, বর্ধিত বিদ্যুৎ মাচুল দিয়াত পলম হ’লে কাৰেন্ট কটা, জৰিমণা বিহাত সিদ্ধসস্ত

বিভাগটোৱে গ্ৰাহকক প্রয়োজনীয় আৰু নিয়মীয়া বিদ্যুৎ যোগান ধৰাত সম্পূর্ণ ব্যৰ্থ হৈছে। এক প্ৰেছ বিবৃতিযোগে আপৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে কয় যে দুই বছৰ আগৰ গ্ৰাহকৰ ৫০০ টকাৰ বিল এতিয়া প্ৰায় ২০০০ টকা হ’ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ দৰে বিদ্যুৎ ব্যৱহাৰৰ পাছত নহয়, মোবাইলৰ সেৱাৰ দৰে আগতীয়াকৈ ধন লৈ বিদ্যুৎ যোগান ধৰা স্মার্ট ব্যৱস্থা কৰিলে। তাৰ পিছতো গ্ৰাহকৰ প্ৰতি কোনো দায়বদ্ধতা নাই। শক্তি বিভাগৰ দায়িত্বত থকা মন্ত্ৰী নন্দিা গালোচাৰ দিচপুৰত ঠিকেই এচি, ফেন চলি আছে যে বাবে হয়তো জনসাধাৰণৰ যন্ত্ৰণাৰ কথা হয়তো উম-ঘামেই নাই। সাধাৰণ বতাহ আৰু অলপ বৰষুণ দিলেই বিদ্যুৎ বিভাগৰ

কৰবাত তাঁৰা চিঙে, কৰবাত চৰ্ট চাৰ্কেট হয়। এই ক্ষেত্ৰত দলটোৱে দিল্লী আৰু পাঞ্জাৱত আপ চৰকাৰে ২৪ ঘন্টা যোগান ধৰা উপৰিও গ্ৰাহকক প্রতিমাহে ৩০০ ইউনিট পর্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰি কিদৰে বিভাগটো কোনো ঋণ নোলোৱাকৈ লাভত চলি আছে, তাৰ অনুকৰণ কৰিবলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

Leave A Reply

Your email address will not be published.