ashomiyapatrika.com

ধূপগুৰিত ড্ৰাগছৰ নিবাৰণৰ ওপৰত বিশাল সজাগতা সভা সম্পন্ন

0 25

ধিংঃ নগাওঁ জিলাৰ ধিঙৰ ধূপগুৰিত আজি প্ৰগতিশীল যুৱ মঞ্চ আৰু নগাওঁ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত, ধূপগুৰি আঞ্চলিক যুৱ সমাজৰ সহযোগত ফকৰ উদ্দিন আলী আহমেদ হাই স্কুল খেল পথাৰত ড্ৰাগছ, মদ, ভাং, জুৱা আৰু বাল্য বিবাহ আদি নিবাৰণৰ ওপৰত এক বিশাল সজাগতা সভা অনুষ্ঠিত হৈ যায়। অঞ্চলটোৰ সমাজ কৰ্মী তথা প্ৰাক্তন প্ৰধান শিক্ষক নুৰুজ্জামানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশাল সজাগতা সভাখনত ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিলিবিয়া চৌধুৰী, বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড বিষয়া শিখা গগৈ আৰু ধিং আৰক্ষী নিৱেশৰ আৰক্ষী বিষয়া নৰেশ্ব ৰয়ে ড্ৰাগছ, মদ,ভাং, জুৱা আৰু বাল্য বিবাহ আদিৰ নিবাৰণৰ ওপৰত গুৰুত্বপূৰ্ণ

ভাষণ দিয়াৰ লগতে এখন ড্ৰাগছ মুক্ত সুস্থ সমাজ গঢ়িবলৈ ৰাইজক আহ্বান জনায়। আজিৰ এই সভাতেই ড্ৰাগছ সেৱন কৰি মৃত্যু হোৱা ব্যক্তিক জানাজা পঢ়া নহব আৰু কবৰস্থানত ঠাই দিয়া নহব বুলি সিদ্ধান্ত লয়।আজিৰ এই বিশাল সজাগতা সভাখনত অধিবক্তা বদৰুজুহা চৌধুৰী, প্ৰাক্তন শিক্ষক অনুৱাৰুল হক চৌধুৰী,মুফতি আব্দুল কৰিম, সংখ্যালঘু সংগ্ৰাম সমিতিৰ নজৰুল ইছলাম আৰু খাইৰুল ইছলামেও ভাষণ প্ৰদান কৰে। আজিৰ এই সজাগতা সভাখনত কেইবা সহস্ৰাধিক ৰাইজ উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.