বকোত বি জে পিৰ কাৰ্য্যকৰ্তা সন্মিলন আৰু ভোটাৰ চেতনা অভিযান সম্পন্ন
বকোঃ ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু বকো মণ্ডল সমিতিৰ তত্বাৱধানত আজি আয়োজন কৰা হয় কাৰ্য্যকৰ্তা সন্মিলন আৰু ভোটাৰ চেতনা অভিযানৰ প্ৰশিক্ষণ কৰ্মশালা। বি জে পিৰ কাৰ্য্যকৰ্তা বি এল এ – ২ ৰ জৰিয়তে ভোটাৰ চেতনা অভিযানৰ অংশ হিচাপে বি জে পি কৰ্মীৰ প্ৰশিক্ষণ কৰ্মশালা খন আজি বকোস্থিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজন কৰে। উল্লেখ্য যে বি জে পিৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি অঞ্জন গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত হয় ভোটাৰ চেতনা অভিযান কাৰ্য্যসুচী। দক্ষিণ কামৰূপ অঞ্চলৰ সহস্ৰাধিক বি জে পি কৰ্মীৰ উপস্থিতিত আয়োজন কৰা ভোটাৰ
চেতনা অভিযানৰ প্ৰশিক্ষণ কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে দলটোৰ অসম প্ৰদেশ সমিতিৰ সাধাৰণ সম্পাদিকা টিনামণি দৈমাৰী, ৰাজ্যিক প্ৰভাৰী জয়ন্ত ডেকা, কাৰ্য্যনিৰ্বাহক সদস্য অনুপ কুমাৰ মেধি, দক্ষিণ কামৰূপ জিলা সমিতিৰ উপ সভাপতি বৃন্দ, সাধাৰণ সম্পাদক সহ বহু কেইজন বিষয় ববীয়া। ইফালে বকো মণ্ডল সমিতিৰ সভাপতি অশ্বিনী পাঠক আৰু সাধাৰণ সম্পাদক গৌতম দাস, যুৱ মৰ্চাৰ কৰ্মী লাচিত কলিতাই জনোৱা মতে আজিৰ কাৰ্য্যকৰ্তা সন্মিলন আৰু ভোটাৰ চেতনা অভিযান কাৰ্য্যসুচীৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে বৃহৎ যোগদান কাৰ্য্যসূচী। প্ৰায় পাঁচ
শতাধিক লোকে যোগদান কৰে বি জে পিত। ইফালে দলটোৰ জিলা পৰ্য্যায়ৰ আৰু মণ্ডল পৰ্য্যায়ৰ মহিলা মৰ্চা, যুৱ মৰ্চা, কৃষক মৰ্চা, জাতি জনগোষ্ঠীৰ মৰ্চা, কিষাণ মৰ্চাকে ধৰি দলটোৰ ভিন্ন পদবী ধাৰি কৰ্মী সকলে অংশগ্ৰহণ কৰে।