ashomiyapatrika.com

শিলসাকোৰ উচ্ছেদিতক ক্ষতিপূৰণ দিয়া হবঃ জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা

0 41

গুৱাহাটীঃ গুৱাাটীৰ বাসীক কৃত্ৰিম বানমুক্ত কৰা বাবে এই আঁচনি অতিকৈ জৰুৰী। সেই বাবে শিলসাকোৰ অবৈধ এই ভূমি বেদখল মুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াত প্রায় সোতৰ টা চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান আছে সেইখিনিক লৈয়ো এই প্ৰজেক্ট হাতত লোৱা হৈছে। সেই বাবে স্হানীয় ২০খন উন্নয়ন সমিতিৰ সহমতত প্ৰায় ১০০ বিঘা ভূমি বেদখল কৰাৰ লক্ষ্যৰে পূৰ্বতে ৰৈ যোৱা খিনি আজি উচ্ছেদ চলোৱা হৈছে৷ আন্দোলন কৰা মানুহ খিনি উচ্ছেদ কৰা অঞ্চলৰ নহয়। যি খিনি ভূমি ইতিমধ্যে উচ্ছেদ কৰা হৈছে সেই মানুহ খিনিক একাংশ ব্যক্তিয়ে পুনৰ সংগঠিত কৰি আন্দোলন কৰাইছে। পূৰ্বতে কোৱাৰ দৰে জিঞ্জাৰকে ধৰি সোতৰ টা অনুষ্ঠান প্ৰতিষ্ঠানক

শিলসাঁকোৰ পৰা উঠাই নিয়া হব। যিহেতু এক আইনী প্ৰক্ৰিয়াৰ মাজেৰে এনেবোৰ প্ৰতিষ্ঠানক ভূমি আবণ্টন দিয়া হৈছিল। গতিকে এক প্ৰক্ৰিয়াৰ মাজেৰে এনেবোৰ প্ৰতিষ্ঠানক উঠাই দিয়া হব। উচ্ছেদিত লোক সকলৰ ক্ষতি পূৰণৰ কথা নাহে। যিহেতু তেওঁলোক বেদখল কাৰী। যি সকল লোকক উচ্ছেদ কৰা হৈছে আটাইবোৰ খিলঞ্জীয়া লোক গতিকে মুখ্যমন্ত্ৰী গৰাকীৰ সহমৰ্মিতা আছে বাবে এওঁলোকক আৰ্থিক সাহায্য দিয়া হব। কিয়নো উচ্ছেদিতক ক্ষতিপূৰণ দিবলৈ মূখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিৰ্দেশ দিছে৷ শিলসাঁকোৰ এহাজাৰ বিঘা ভূমিত ৰিজাৰ্ভাৰ বনোৱা হব। যি সকলৰ আৰচিচি ঘৰ ভঙা গৈছে তেওঁ লোকক দহ লাখ টকা আৰু আছাম টাইপ ঘৰ থকা লোক সকলক পাছ লাখ টকা ক্ষতি পূৰণ দিয়া হব বুলি কয় গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই কয়। সাহায্যৰ বাবে এখন শুদ্ধ তালিকা ইতিমধ্যে প্ৰস্তুত কৰি থকা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ বাবে কিছু সময় লাগিব বুলি ডেকাই কয়।

Leave A Reply

Your email address will not be published.