ashomiyapatrika.com

ন্যায় ব্যৱস্থাত দোষী সাব্যস্তকৰণৰ ক্ষেত্ৰত ফৰেনছিক প্রমাণ আটাইতকৈ গুৰুত্বপূর্ণ উপাদানঃ মুখ্যমন্ত্রী

0 43

ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ৰ প্ৰথম পৰ্যায়ৰ ভ্রাম্যমান ফৰেনছিক বাহনৰ ফ্লেগ অফ মুখ্যমন্ত্রী ড° শৰ্মাৰ

গুৱাহাটীঃ ৰাজ্যৰ আইন শৃংখলাৰক্ষী সংস্থাসমূহৰ তদন্তমূলক সামৰ্থ বৃদ্ধিৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা ধাৰাবাহিক পদক্ষেপ হিচাপে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসম সচিবালয়ৰ প্ৰাংগণত অনুষ্ঠিত এক অনুষ্ঠানত ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ৰ অধীনত প্ৰথম পৰ্যায়ৰ ৭ খন ভ্রাম্যমান ফৰেনছিক বাহনৰ ফ্লেগ অফ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শর্মাই কয় যে আজি ফ্লেগ অফ কৰা এই ভ্রাম্যমান ফৰেনছিক বাহনে আগন্তুক দিনত দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ফৰেনছিক প্রমাণ সংগ্ৰহৰ ক্ষমতাত উল্লেখনীয় অৰিহণা যোগাব। গুৰুতৰ অপৰাধৰ অভিযোগত বিচৰাধীন অভিযুক্ত সকলে পৰ্যাপ্ত প্ৰমাণৰ

অভাৱত প্ৰায়ে দোষী সাব্যস্ত হোৱাৰ পৰা সাৰি যোৱা দেখা যায় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বাহনসমূহে দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত উল্লেখনীয় অৰিহণা যোগাব। এই অত্যাধুনিক প্রযুক্তিৰে সুসজ্জিত বাহনসমূহত উন্নত প্রযুক্তি প্রয়োগ কৰাৰ বাবে তদন্তকাৰী সংস্থাসমূহক প্ৰমাণ সংগ্ৰহ আৰু সুৰক্ষিতভাৱে সংৰক্ষণ ক্ষেত্ৰত সক্ষম কৰাটো নিশ্চিত কৰিব বুলি তেওঁ কয়। তেওঁ লগতে কয় যে এই বাহনসমূহৰ সৈতে ফৰেনছিক বিশেষজ্ঞৰ লগতে অভিজ্ঞ ব্যক্তিসকল সংলগ্ন হৈ থাকিব আৰু ইয়ে সমগ্ৰ প্ৰক্ৰিয়াটোক অধিক গতিশীল কৰি তুলিব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আগন্তুক দিনত এনে ধৰণৰ আৰু অধিক ভ্রাম্যমান ফৰেনছিক বাহনৰ

সংযোগ সাধন কৰি অপৰাধ চিনাক্তকৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰি তোলা হ’ব৷ ন্যায়িক ব্যৱস্থাত দোষী সাব্যস্তকৰণৰ দিশত ফৰেনছিক প্ৰমাণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে হত্যাৰ পৰা ড্ৰাগছ সৰবৰাহলৈকে অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যখনত এক শক্তিশালী ফৰেনছিক ব্যৱস্থাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰে ৰাজ্যখনত চাৰিটা আঞ্চলিক ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছিল। আৰু ইয়াৰে ভিতৰত তিনিটা ইতিমধ্যে কার্যক্ষম হৈ উঠিছে। মূখ্যমন্ত্রীয়ে কয় যে আহমেদাবাদস্থিত ৰাষ্ট্ৰীয় ফৰেনছিক বিশ্ববিদ্যালয়ত ৰাজ্যৰ আৰক্ষী বাহিনীৰ ৪০০

গৰাকী আৰক্ষী কর্মীক ফৰেনছিক বিজ্ঞানৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া হৈছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে লাভ কৰা বিশেষজ্ঞতাই অত্যাধুনিক ফৰেনছিক প্ৰয়োগৰ প্ৰয়োজনীয়তা থকা জটিল গোচৰসমূহ ফৰেনছিক বিজ্ঞানৰ কৌশলৰে সমাধান কৰাত বাৰুকৈয়ে সহায়ক হ’ব বুলি প্ৰমাণিত কৰিব৷ আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্ত, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্রধান জি পি সিং প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবর্গ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.